মাৰাঠাৰ সংৰক্ষণ আন্দোলনক লৈ বিৰূপ মন্তব্যঃ জ্বলাই দিলে এন চি পি বিধায়কৰ বাসগৃহ...

মাৰাঠাৰ সংৰক্ষণ আন্দোলনক লৈ বিৰূপ মন্তব্যঃ জ্বলাই দিলে এন চি পি বিধায়কৰ বাসগৃহ...
মাৰাঠাৰ সংৰক্ষণ আন্দোলনক লৈ বিৰূপ মন্তব্যঃ জ্বলাই দিলে এন চি পি বিধায়কৰ বাসগৃহ...
Published on
Updated on

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত অব্যাহত থকা সংৰক্ষণ আন্দোলনক লৈ বিৰূপ মন্তব্য কৰাৰ বাবেই এগৰাকী বিধায়কৰ আৱাসত অগ্নি সংযোগ কৰিলে প্ৰতিবাদকাৰী জনতাই। সোমবাৰে সংঘটিত হৈছে এই ঘটনা। অগ্নি সংযোগৰ ঘটনা সংঘটিত হোৱাৰ সময়ত পৰিয়ালৰ সৈতে ঘৰতেই আছিল আন্দোলনক লৈ বিৰূপ মন্তব্য কৰা বিধায়কগৰাকী।

মহাৰাষ্ট্ৰৰ বীৰ জিলাৰ বিধায়ক প্ৰকাশ ছোলাংকিৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ বিৱৰণ অনুসৰি সোমবাৰে ঘৰত পৰিয়ালৰ সৈতে সময় পাৰ কৰি থকাৰ সময়ত প্ৰকাশ ছোলাংকিৰ ঘৰত প্ৰৱেশ কৰে একাংশ লোকে। তাৰ পাছত তেওঁলোকে ঘৰটোৰ দুৱাৰ-খিৰিকীলৈ লক্ষ্য কৰি ইটা-শিল আদি দলিয়াবলৈ আৰম্ভ কৰে তেওঁলোকে। তাৰ পাছত সেই লোকসকলৰ একাংশই ঘৰটোত অগ্নি সংযোগ কৰে। ফলত জ্বলি উঠে সুসজ্জিত বিধায়কৰ ঘৰটো।

প্ৰতিবাদকাৰীসকলৰ মতে তেওঁলোকে বিধায়কগৰাকীক এক 'শিক্ষা' দিবৰ বাবেই এই কাৰ্য সংঘটিত কৰিলে। উল্লেখ্য যে, সংৰক্ষণৰ দাবীত বিগত কিছুদিন ধৰি মহাৰাষ্ট্ৰত অব্যাহত আছে প্ৰতিবাদ। মাৰাঠা সম্প্ৰদায়ৰ বাবে সংৰক্ষণ বিচাৰি চৰকাৰৰ বিৰুদ্ধে অনশনত বহিছে আন্দোলনকাৰী নেতা মনোজ পাটিল।

তেওঁৰ অভিযোগ ৰাজ্যৰ শাসক আৰু বিৰোধী দুয়োপক্ষই মাৰাঠাসকলৰ দীৰ্ঘদিনৰ দাবী সংৰক্ষণক লৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ-মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনাভিছে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল যদিও শেষ পৰ্যন্ত সেই কথা নাৰাখিলে।

বৰঞ্চ বাৰে বাৰে পিছুৱাই দিয়া হৈছে সংৰক্ষণ সংক্ৰান্তিয় আইন তৈয়াৰ কৰাৰ প্ৰক্ৰিয়া। আন্দোলনকাৰী নেতা মনোজৰ দাবী কোনো ক্ষমতাশালী লোকেৰ নিৰ্দেশতে এই সংৰক্ষণ আইন কাৰ্যকৰী কৰিব বিচৰা নাই চৰকাৰে।

ইয়াৰ মাজতেই মহাৰাষ্ট্ৰৰ এন চি পি তথা শাৰদ পাৱাৰৰ দলৰ বিধায়ক প্ৰকাশ ছোলংকিয়ে এই আন্দোলনক লৈ এক বিতৰ্কিত মন্তব্য কৰিছিল। আন্দোলনকাৰীৰ অভিযোগ, সংৰক্ষণ আন্দোলনৰ অন্যতম নেতা মনোজ পাটিলক লৈ কু-মন্তব্য কৰিছিল এই বিধায়কগৰাকীয়ে।

তাৰ পৰিণতিতেই সোমবাৰে তেওঁ এই 'শিক্ষা' দিয়া হৈছে। বিধায়কগৰাকীৰ ঘৰত অগ্নি সংযোগ কৰাৰ পাছত সংবাদ মাধ্যমে তেওঁৰ সৈতে যোগাযোগ কৰাত কয়, যেতিয়া তেওঁৰ ঘৰত আক্ৰমণ কৰা হৈছিল সেই সময়ত পৰিয়ালৰ সৈতে ঘৰৰ ভিতৰতে আছিল। সৌভাগ্যক্ৰমে এই ঘটনাত তেওঁৰ লগতে পৰিয়াল আৰু ঘৰত কাম কৰা কোনো লোকেই হতাহতি হোৱা নাই।

সকলো নিৰাপদে আছে। অৱশ্যে যথেষ্ট পৰিমাণে সম্পত্তিৰ ক্ষতি হৈছে। এই ক্ষতিৰ পৰিমাণ কিমান হ’ব সেয়া সঠিক কৈ কব পৰা নাযাব বুলিও বিধায়কগৰাকীয়ে উল্লেখ কৰিছে।

মাৰাঠাৰ সংৰক্ষণ আন্দোলনক লৈ বিৰূপ মন্তব্যঃ জ্বলাই দিলে এন চি পি বিধায়কৰ বাসগৃহ...
৩৩ নহয়, ৮ ঘণ্টাতে ত্ৰিপুৰাৰ পৰা পাবগৈ কলকাতাঃ মোডী-হাছিনাই উদ্বোধন কৰিব আগৰতলা-আখউড়া ৰে'ল পথ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in