ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ বিভিন্ন এলেকাত গণেশ মূৰ্তি বিসৰ্জনৰ সময়ত সংঘটিত হয় কৰুণ ঘটনা। ঘটনাত প্ৰায় ২০ জন লোকৰ মৃত্যু হয়। এই কথা শনিবাৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে ব্যক্ত কৰে। বাতৰি অনুসৰি, ২০ জন ব্যক্তিৰ ভিতৰত ১৪ জনৰ পানীত সলিল সমাধিৰ ফলত মৃত্যু হয়।
এজন আৰক্ষী বিষয়াই জনোৱা মতে, চাৱাংগীত তিনিজন আৰু ৱাৰ্ধা জিলাৰ দেৱলীত এজন লোকৰ নদীত সলিল সমাধি হোৱাৰ খবৰ পোৱা গৈছে। মূৰ্তি বিসৰ্জনৰ বাবে যোৱা দুজন ব্যক্তি য়াৱতমাল জিলাৰ এটা পুখুৰীত ডুব যায়।
লগতে আৰক্ষী বিষয়েগৰাকীয়ে ব্যক্ত কৰে যে চুপা আৰু বেলভান্দিত দুজন লোক, জলগাঁও জিলাত আন দুজনৰ মৃত্যু গণপতি বিসৰ্জনৰ সময়ত পানীত ডুবি মৃত্যু হয়। পুনেৰ গ্ৰাম্য অঞ্চলত ধুলে, সাতাৰা আৰু চোলাপুৰ চহৰত এজনকৈ লোকৰ মৃত্যু হয় বুলিও তেওঁ কয়।
ইফালে, নাগপুৰৰ সক্কৰদাৰা অঞ্চলত গণেশ বিসৰ্জনৰ সময়ত পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হয়। থানেৰ কোলবাদ অঞ্চলত বৰষুণৰ মাজতে গণেশ পেণ্ডেলত গছ খহি পৰাৰ ফলত এগৰাকী ৫৫ বছৰীয়া মহিলাৰ মৃত্যু হয় আৰু আন চাৰিজন আঘাতপ্ৰাপ্ত হয়। এই ঘটনাটো শুকুৰবাৰে সংঘটিত হৈছিল।
উল্লেখ্য যে গণেশ চতুৰ্থী শুকুৰবাৰে অন্ত পৰে। আৰু শুকুৰবাৰে বিসৰ্জনৰ সময়ত মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০ গৰাকী লোকৰ মৃত্যু হয়।