ডিজিটেল ডেস্কঃ আই পি এলৰ ৰিটেনচন প্ৰক্ৰিয়াক লৈ চৰ্চাত আছে মহেন্দ্ৰ সিং ধোনি। চেন্নাই চুপাৰ কিংছক পাঁচবাৰকৈ ট্ৰফী জয় কৰোৱা পূৰ্বৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনি এইবাৰ দলটোৰ হৈ আনকেপড প্লেয়াৰ হিচাপে খেল পথাৰত নামিব।
ফ্ৰেঞ্চাইজিসমূহৰ মাজত ৰিটেনচন প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও চি এছ কেয়ে ৰিটেনচন প্ৰক্ৰিয়াৰ বাবে সাজু হৈয়ো এতিয়ালৈকে এই প্ৰক্ৰিয়াৰ আনুষ্ঠানিকতা সম্পন্ন কৰা নাই। চৰ্চা অনুসৰি ধোনিক দলটোৱে আনকেপড প্লেয়াৰ হিচাপে প্ৰথমে ৰিটেনছন কৰিব। তাৰ পাছতহে অধিনায়ক ৰিতুৰাজ গায়কোৱাডকে ধৰি আন কেইবজনকো ৰিটনেছন কৰিব। কিন্তু ধোনিৰ সেউজ সংকেট নোপোৱাৰ বাবে এই প্ৰক্ৰিয়া সম্পন্ন হোৱা নাই।
আই পি এলৰ ৰিটেনচন প্ৰক্ৰিয়াক কেন্দ্ৰ কৰিয়েই এইদৰে ধোনি এই কেইদিন চৰ্চাত আছে যদিও অৱশ্যে ধোনিয়ে পুনৰ খেল পথাৰত নমাৰ পূৰ্বে ৰাজনীতিৰ পথাৰতহে নামিব বুলিহে জানিব পৰা গৈছে। ইতিমধ্যে ইয়াৰ প্ৰস্তুতিও সম্পূৰ্ণ হৈছে।
গৃহ ৰাজ্য ঝাৰখণ্ডত ধোনিক ৰাজনীতিৰ পথাৰত দেখা পাব দেশবাসীয়ে। ইয়াৰ বাবে সাজু হৈছে বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকী।
ঝাৰখণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়াই শুকুৰবাৰে ধোনি ৰাজনীতিৰ পথাৰত নমাৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছে। অৱশ্যে তেওঁ কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী পথাৰত নানামে। অথবা তেওঁ কোনো ৰাজনৈতিক দলৰ ষ্টাৰ কেম্পেইনাৰ হিচাপেও ৰাজনীতিৰ পথাৰত নানামে।
তেওঁ ৰাজনীতিৰ পথাৰত নামিব নিৰ্বাচন আয়োগৰ প্ৰচাৰক হিচাপেহে। যুৱ প্ৰজন্মক নিৰ্বাচনী ব্যৱস্থাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ধোনিক ব্যৱহাৰ কৰিব ঝাৰখণ্ডৰ নিৰ্বাচন আয়োগে।
তেওঁক আগন্তুক ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে ঘোষণা কৰা হৈছে। ঝাৰখণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া কে ৰবিকুমাৰে সংবাদ মেলত জনোৱা অনুসৰি মহেন্দ্ৰ সিং ধোনিয়ে তেওঁৰ ফটো নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছে।
ভোটদানৰ বাবে ভোটাৰৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে ধোনিৰ ফটো ব্যৱহাৰ কৰা হ'ব। ভৱিষ্যতে এই প্ৰচাৰমূলক কামকাজ কিদৰে আগুৱাই নিয়া হ'ব সেই সন্দৰ্ভত ধোনিৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে নিৰ্বাচন আয়োগে।
ধোনিৰ জনপ্ৰিয়তা আৰু তেওঁৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখিয়েই আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, নিৰ্বাচন আয়োগে ভোটাৰৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে বিভিন্ন ক্ষেত্ৰত জনপ্ৰিয় ব্যক্তিক ব্ৰেণ্ডে এম্বেচাদৰ হিচাপে লৈ কাম কৰি আহিছে।
২০২৩ ত দেশৰ নিৰ্বাচন আয়োগে শচীন তেণ্ডুলকাৰক নেচনেল আইকন হিচাপে লৈ সচেতনতা বৃদ্ধি কৰিছিল। এই সচেতনতা বৃদ্ধিৰ বাবে প্ৰচাৰত নামিছিল তেণ্ডুলকাৰ। সেইদৰেই আন আন জনপ্ৰিয় ব্যক্তিক আয়োগে এনে প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰি আহিছে।
স্মৰ্তব্য, ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। মুঠ ৮১ খন আসনৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই ভোটগণনা প্ৰক্ৰিয়াত প্ৰথম পৰ্যায়ত ৪৩ খন আসনত আৰু দ্বিতীয় পৰ্যায়ত ৩৮ খন আসনত হ'ব ভোটগ্ৰহণ। ভোটগণনা হ'ব ২৩ নৱেম্বৰত।
Also Read: সমগ্ৰ পশ্চিম এছিয়াতে বিয়পিছে যুদ্ধৰ দামামা!