সাংসদ পদ খাৰিজ মহুৱা মৈত্ৰৰ: ধনৰ বিনিময়ত সদনত প্ৰশ্ন সোধাৰ অভিযোগ

সাংসদ পদ খাৰিজ মহুৱা মৈত্ৰৰ: ধনৰ বিনিময়ত সদনত প্ৰশ্ন সোধাৰ অভিযোগ
Published on
Updated on

ডিজিটেল ডেস্কঃ বহু বিতৰ্কৰ অন্তত লোকসভাৰ পৰা বহিষ্কৃত হ'ল সাংসদ মহুৱা মৈত্ৰ। লোকসভাৰ সদস্য পদ হেৰুৱালে টিএমচি সাংসদ গৰাকীয়ে। ধনৰ বিনিময়ত সদনত প্ৰশ্ন সোধাৰ অভিযোগ উত্থাপন হৈছিল মহুৱাৰ বিৰুদ্ধে।

এই সন্দৰ্ভত শুকুৰবাৰে সদনৰ এথিক্স কমিটিয়ে দাখিল কৰিছিল প্ৰতিবেদন। সেই প্ৰতিবেদনৰ ভিত্তিতেই লোকসভাৰ অধ্যক্ষ ওম বিৰলাই খাৰিল কৰিলে মহুৱাৰ সাংসদ পদ।

প্ৰতিবেদনত টিএমচিৰ সাংসদ মহুয়া মৈত্ৰক ধনৰ বাবে প্ৰশ্ন সোধাৰ বাবে সংসদৰ সদস্যপদৰ পৰা বহিষ্কাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছিল।

প্ৰতিবেদনত কোৱা হৈছে যে সাংসদ গৰাকীয়ে অনৈতিক আৰু গুৰুতৰ অপৰাধ সংঘটিত কৰিছে। লগতে পৰামৰ্শ দিছে যে ভাৰত চৰকাৰে বিষয়টোৰ আইনী তদন্ত কৰিব লাগে আৰু ইয়াক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সমাপ্ত কৰিব লাগে।

উল্লেখ্য যে, ব্যৱসায়ী দৰ্শন হিৰাানন্দনীৰ পৰা উপহাৰ লৈ সদনক মহুৱাই প্ৰশ্ন সোধাৰ অভিযোগ উত্থাপন হৈছিল। সাংসদ গৰাকীয়ে হিৰাানন্দনীৰ পৰা এখন গাড়ী আৰু নগদ ২ কোটি টকা লৈছিল বুলি অভিযোগ আছে।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি সদনত কয় যে যদি সদনৰ মৰ্যদা আৰু শালীনতা বজাই ৰখাৰ বাবে কঠোৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন হয়, তেন্তে ইয়াক ল'ব লাগিব। কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে ইয়াৰ বিৰোধিতা কৰি অধিক সময় বিচাৰিছিল।

সাংসদ পদ খাৰিজ মহুৱা মৈত্ৰৰ: ধনৰ বিনিময়ত সদনত প্ৰশ্ন সোধাৰ অভিযোগ
বনাঞ্চলৰ পৰা ওলাই অহা গঁড়ৰ আতংক কাজিৰঙাৰ ম'হপাৰা গাঁৱত‌‌

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in