২ নৱেম্বৰৰ পুৱা সংসদৰ এথিক্স কমিটীৰ কাষত উপস্থিত হ'ব লাগিব মহুৱা মৈত্ৰ...

২ অক্টোবৰৰ পুৱা সংসদৰ এথিক্স কমিটীৰ কাষত উপস্থিত হ'ব লাগিব মহুৱা মৈত্ৰ...
২ অক্টোবৰৰ পুৱা সংসদৰ এথিক্স কমিটীৰ কাষত উপস্থিত হ'ব লাগিব মহুৱা মৈত্ৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ধনৰ বিনিময়ত সংসদত প্ৰশ্নৰ বিতৰ্ক সন্দৰ্ভত লোকসভাৰ এথিক্স কমিটীয়ে পুনৰ তলব কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক। ইয়াৰ পূৰ্বে সাংসদগৰাকীক ৩১ অক্টোবৰত কমিটীৰ ওচৰত হাজিৰ হ'বলৈ তলব কৰা হৈছিল যদিও তেওঁ উপস্থিত হ’ব নোৱাৰিব বুলি কমিটীৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰছিল।

তেওঁ কমিটীৰ কাষত উপস্থিত হোৱাৰ বাবে আৰু কিছু দিন বিচাৰিছিল একেখন পত্ৰৰ জৰিয়তে। কিন্তু সাংসদগৰাকীয়ে বিচৰা ধৰণে অতিৰিক্ত সময় লাভ নকৰিলে। অহা ২ নৱেম্বৰত পুৱা ১১ বজাত এথিক্স কমিটীৰ সন্মুখত উপস্থিত হ'ব লাগিব মৈত্ৰ।

মহুৱা মৈত্ৰই এথিক্স কমিটীলৈ লিখা পত্ৰত উল্লেখ কৰিছিল, ৩০ অক্টোবৰৰ পৰা ৪ নৱেম্বৰ পৰ্যন্ত তেওঁৰ লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চলত বিজয় সন্মিলন আছে। এই সন্মিলনত অংশগ্ৰহণৰ বাবে পূৰ্বৰ পৰা নিৰ্ধাৰিত হৈ আছে। এই অনুষ্ঠানসমূহত তেওঁ উপস্থিত থাকিবই লাগিব। সেয়ে ৩১ অক্টোবৰত তেওঁ দিল্লীত উপস্থিত থাকিব নোৱাৰিব। ৫ নৱেম্বৰৰ পাছত কমিটীৰ সুবিধা হোৱাকৈ এটা নিৰ্দিষ্ট দিনত তেওঁক মাতিলে কমিটীৰ ওচৰত হাজিৰ হ'ব পাৰিব।

ইয়াৰোপৰি তেওঁ পত্ৰখনত উল্লেখ কিৰিছিল, তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত কমিটীৰ সন্মুখত বক্তব্য ৰাখিবলৈ তেওঁ আগ্ৰহী। কিন্তু কমিটীয়ে মহুৱা মৈত্ৰই বিচৰা ধৰণে অতিৰিক্ত দিন দিয়াৰ পৰা বিৰত থাকিল। অৱশ্যে তেওঁক ২ অক্টোবৰলৈ অতিৰিক্ত ২ টা দিন দিছে।

ইফালে মহুৱা মৈত্ৰই যিখন পত্ৰৰ জৰিয়তে কমিটীৰ পৰা অতিৰিক্ত ৫ টা দিন বিচাৰিছিল সেই পত্ৰত বিজেপি সাংসদ ৰমেশ বিদুৰীৰ প্ৰসংগ উল্লেখ কৰিছিল। তেওঁ লিখিছিল, ৰমেশ বিদুৰীয়ে তেওঁৰ ৰাজস্থানৰ লোকসভা সমষ্টিৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ বাবে এথিক্স কমিটীৰ পৰা অতিৰিক্ত সময় বিচাৰিছিল। সেই অতিৰিক্ত সময় তেওঁক কমিটীয়ে দিছিল। সেইদৰেই তেওঁকো কমিটীয়ে অতিৰিক্ত সময় দিব লাগে।  

ইফালে এই কমিটীৰ সন্মুখৰ পৰাই মহুৱাই ডুবাইস্থিত ব্যৱসায়ী দৰ্শন হিৰানন্দানিক মুখামুখিকৈ প্ৰশ্ন কৰিবলৈও বিচাৰিছিল। তৃণমূলৰ সাংসদগৰাকীয়ে কমিটীক অনুৰোধ কৰিছিল এই ব্যৱসায়ীগৰাকীকো কমিটীয়ে তলব কৰিব লাগে। পত্ৰখনত তেওঁ নিজকে নিৰ্দোষী বুলি উল্লেখ কৰি তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অসত্য, বিদ্বেষপূৰ্ণ আৰু মানহানিকৰ বুলি উল্লেখ কৰিছে।

২ অক্টোবৰৰ পুৱা সংসদৰ এথিক্স কমিটীৰ কাষত উপস্থিত হ'ব লাগিব মহুৱা মৈত্ৰ...
মণিপুৰৰ বাবেই মিজোৰামলৈ আহিবলৈ সাহস কৰা নাই প্ৰধানমন্ত্ৰী মোডীয়ে !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in