চিকিৎসক ছাত্ৰীক হত্যাঃ আজি প্ৰতিবাদী সমদল বাহিৰ কৰিব মমতা বেনাৰ্জীয়েও...

নিজে মুখ্যমন্ত্ৰী হৈয়ো মমতা বেনাৰ্জীৰ এই প্ৰতিবাদ দেশজুৰি চৰ্চাৰ বিষয়
চিকিৎসক ছাত্ৰীক হত্যাঃ আজি প্ৰতিবাদী সমদল বাহিৰ কৰিব মমতা বেনাৰ্জীয়েও...
চিকিৎসক ছাত্ৰীক হত্যাঃ আজি প্ৰতিবাদী সমদল বাহিৰ কৰিব মমতা বেনাৰ্জীয়েও...
Published on
Updated on

ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা চিকিৎসক ছাত্ৰীৰ জঘণ্য হত্যাকাণ্ডৰ ন্যায় বিচাৰি সমগ্ৰ দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। তাৰ মাজতেই পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধেও ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলসমূহে মুকলিকৈ প্ৰতিবাদ কৰিছে।

এনে পৰিস্থিতিত আজি বংগৰ ৰাজপথত প্ৰতিবাদ কৰিবলৈ সাজু হৈছে খোদ মমতা বেনাৰ্জী। মমতা বেনাৰ্জীয়ে ৰাজপথত নামি কিয় আৰু কাৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰিবলৈ বিচাৰিছে সেই লৈ এতিয়া দেশজুৰি উৎসুকতাৰো সৃষ্টি হৈছে।

তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক ওব্ৰায়েনে এক্সৰ জৰিয়তে এই প্ৰতিবাদৰ বিষয়ে উল্লেখ কৰিছে। তেওঁ জনোৱা অনুসৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আজিৰ এই প্ৰতিবাদৰ কাৰণ একাধিক।

যুৱ চিকিৎসকগৰাকীৰ হত্যাকাণ্ডৰ পাছত তেওঁৰ বাসগৃহলৈ গৈছিল মমতা বেনাৰ্জী। ভুক্তভোগীৰ পৰিয়ালৰ সৈতে কথা পাতিছিল। দেওবাৰৰ ভিতৰত আৰক্ষীয়ে ঘটনাৰ আঁৰত লুকাই থকা অপৰাধীক কৰায়ত্ত কৰিব নোৱাৰিলে তদন্তৰ দায়িত্ব চিবিআইক দিব বুলিও জনাইছিল।

কিন্তু তাৰ পাছতো দেওবাৰৰ পূৰ্বেই কলকাতা উচ্চ ন্যায়ালয়ে এই গোচৰৰ তদন্তৰ দায়িত্ব তুলি দিলে চি বি আইক। সেয়ে ইয়াৰ আঁৰত ৰহস্যৰ গোন্ধ পাইছে মমতা বেনাৰ্জীয়ে।

বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আজিৰ প্ৰতিবাদৰ প্ৰথম কাৰণ হৈছে তদন্ত প্ৰক্ৰিয়াত কি কি পোহৰলৈ আহিছে সেয়া চি বি আইয়ে ৰাজহুৱা কৰিব লাগিব। দ্বিতীয়তে চিবিআইয়ে এই ঘটনাৰ ৰহস্যভেদ কৰিব লাগিব দেওবাৰৰ ভিতৰত। তৃতীয়তে কলকাতা আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এজনক গ্ৰেপ্তাৰ কৰিছে। মমতা বেনাৰ্জীৰ দাবী সকলো অপৰাধীকে গ্ৰেপ্তাৰ কৰিব লাগিব। গোচৰ প্ৰক্ৰিয়া দিব লাগিব ফাষ্টট্ৰেক আদালতত।

মন কৰিবলগীয়া যে, বেছিভাগ ক্ষেত্ৰতে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দ্বাৰা তদন্ত কৰা গোচৰবোৰৰ বিৱৰণ নিয়মৰ সীমাবদ্ধতাৰ বাবে ৰাজহুৱা কৰা নহয়। মমতা বেনাৰ্জীয়ে দাবী কৰিছে আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ এই গোচৰৰ ক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়া অতি নীৰৱে 'সমাধিস্থ' কৰিলে নহ’ব।

অপৰাধীক যিমান সম্ভৱ সোনকালে চিনাক্ত কৰিব লাগে আৰু কঠোৰ শাস্তি দিব লাগিব।নিজৰ চৰকাৰ থকাৰ পিছতো মমতা বেনাৰ্জীয়ে এইদৰে ৰাজপথত প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি অহা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। ইয়াৰ আঁৰত মমতা বেনাৰ্জীৰ কিবা ৰাজনীতি আছে নেকি বা তেওঁ আন কোনো ৰাজনীতিৰ উমান পাইছে নেকি সেয়া অৱশ্যে স্পষ্ট নহয়।

চিকিৎসক ছাত্ৰীক হত্যাঃ আজি প্ৰতিবাদী সমদল বাহিৰ কৰিব মমতা বেনাৰ্জীয়েও...
পুনৰ চিকিৎসা কৰ্মীক নিৰ্যাতন চলাই হত্যাঃ এজনক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in