মণিপুৰত আছাম ৰাইফলছৰ অভিযানঃ জব্দ অস্ত্ৰ-শস্ত্ৰ

মণিপুৰত আছাম ৰাইফলছৰ অভিযানঃ জব্দ অস্ত্ৰ-শস্ত্ৰ

author-image
Asomiya Pratidin
New Update
মণিপুৰত আছাম ৰাইফলছৰ অভিযানঃ জব্দ অস্ত্ৰ-শস্ত্ৰ

ডিজিটেল ডেস্কঃ  মণিপুৰত বৰ্তমানেও অব্যাহত আছে গোষ্ঠীগত সংঘৰ্ষ। এতিয়াও উমি উমি জ্বলি আছে হিংসাৰ জুই। প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে আছাম ৰাইফলছৰ এটা অভিযানকাৰী দলে চলোৱা এক অভিযানত অস্ত্ৰ-শস্ত্ৰৰ লগতে আন কেতবোৰ যুদ্ধত ব্যৱহাৰ কৰিব পৰা সামগ্ৰী জব্দ কৰিছে ৷

এই অস্ত্ৰ ভাণ্ডাৰ মণিপুৰৰ টেংগনৌপাল জিলাত উদ্ধাৰ হৈছে। ১ অক্টোবৰত ছেনাম জিলাৰ এটা অঞ্চলত এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে ৷ লগতে এই অভিযানত হেণ্ড গ্ৰেণেড, পিষ্টল, ডিটনেটৰ আৰু আন যুদ্ধ সামগ্ৰীৰ ভাণ্ডাৰ জব্দ কৰি মণিপুৰ আৰক্ষীক হস্তান্তৰ কৰিছে।

উল্লেখ্য যে  মণিপুৰত শান্তি প্ৰতিষ্ঠা আৰু কূটাঘাত ৰোধৰ বাবে নিৰাপত্তা বাহিনীয়ে নিৰন্তৰ অভিযান চলাই থকাৰ পাছতো বুধবাৰে চুৰাচান্দপুৰ জিলাৰ খোচাবুং আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰা মণিপুৰ আৰক্ষীয়ে ষ্টেণ্ডৰ সৈতে স্থানীয়ভাৱে তৈয়াৰ কৰা এটা ইম্প্ৰুভাইজড মৰ্টাৰ (পাম্পি), 8 টা পাম্পি গোলা বাৰুদ জব্দ কৰে৷

Also Read: AI চালিত পেৰাচ্যুট ব্যৱহাৰ কৰিব ভাৰতীয় বায়ুসেনাইঃ আই আই টি দিল্লীৰে চুক্তি স্বাক্ষৰ

manipur