ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ বাবে প্ৰথমবাৰৰ বাবে মেইটেই, কুকি আৰু নাগা সম্প্ৰদায়ৰ বিধায়কসকল একত্ৰিত হ'বলৈ আগবাঢ়িছে।মঙ্গলবাৰে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত মণিপুৰৰ মেইটেই, কুকি আৰু নাগা সম্প্ৰদায়ৰ বিধায়সকলে একলগ হৈ এক বৈঠকত অংশগ্ৰহণ কৰিব।
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰ্যবেক্ষণত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকৰ অন্তত মণিপুৰ সমস্যাৰ সমাধানৰ এক বাট মুকলি হ'ব বুলি আশা কৰা হৈছে। উল্লেখ্য যে, ২০২৩ ৰ মে' মাহত আৰম্ভ হৈছিল হিন্দু মেইটেই আৰু সংখ্যালঘু খ্ৰীষ্টান কুকিসকলৰ মাজত গোষ্ঠীগত সংঘৰ্ষ।
ৰাজ্যখনত এই দুই সম্প্ৰদায়ৰ মাজত বহু পূৰ্বৰে পৰা বিভিন্ন বিষয়কৈ সংঘৰ্ষ অব্যাহত আছে। বিশেষকৈ ভূমি আৰু চৰকাৰী চাকৰিৰ সংৰক্ষণক লৈ। মঙ্গলবাৰৰ বৈঠকত মণিপুৰলৈ শান্তি ঘূৰাই আনিবলৈ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব সেই সন্দৰ্ভত আলোচনা কৰা হ'ব।
ৰাজ্যখনত যোৱা প্ৰায় ডেৰ বছৰৰ সংঘৰ্ষত ৬০ হাজাৰৰো অধিক লোক গৃহহীন হৈছে আৰু ২০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যখনত এতিয়াও স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই।
সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত এই প্ৰথমবাৰৰ বাবে এই তিনিওটা সম্প্ৰদায়ৰ বিধায়কে একলগে বৈঠকত মিলিত হ'বলৈ আগবাঢ়ি আহিছে। জানিব পৰা মতে বৈঠকত ৩ গৰাকী নাগা সম্প্ৰদায়ৰ বিধায়কে অংশগ্ৰহণ কৰাটো নিশ্চিত হৈছে।
অৱশ্যে মেইটেই আৰু কুকি সম্প্ৰদায়ৰ কিমানকৈ বিধায়কে অংশগ্ৰহণ কৰিব সেই সন্দৰ্ভত এতিয়ালৈকে প্ৰকৃত সংখ্যা জানিব পৰা নাই। কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে তিনিওটা সম্প্ৰদায়ৰ বিধায়ক তথা মন্ত্ৰীসকলক ব্যক্তিগতভাৱে পত্ৰ প্ৰেৰণ কৰি আৰু ফোন কৰি এই বৈঠকলৈ আমন্ত্ৰণ জনাইছে।
মন কৰিবলগীয়া যে ৰাজ্যখনৰ ৭ গৰাকী বিজেপি বিধায়কৰ সৈতে মুঠ ১০ গৰাকী বিধায়কে মণিপুৰৰ ট্ৰাইবেলসকলৰ বাবে এক পৃথক প্ৰশাসনীয় কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ দাবী তুলিছে।
এইসকল বিধায়কৰ ভিতৰত আছে এন বীৰেন সিঙৰ ১২ জনীয়া মন্ত্ৰীসভাৰ ২ জনকৈ মন্ত্ৰী। অৱশ্যে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে এই দাবীৰ অগ্ৰাহ্য কৰি আহিছে। কিন্তু শেহতীয়াকৈ যোৱা ছেপ্টেম্বৰত বিদ্ৰোহী সংগঠনসমূহে ৰকেট আৰু ড্ৰোণ নিক্ষেপ কৰি ১১ জন লোকক হত্যা কৰাৰ পাছত মিত্ৰজোঁটৰ বিধায়কসকলে ৰাজ্যখনৰ ম্যানমাৰ সীমান্তৰ নিৰাপত্তাৰ দায়িত্ব সম্পূৰ্ণৰূপে ইউনিফাইড কমাণ্ডৰ হাতলৈ হস্তান্তৰ কৰাৰ লগতে মুঠ ৮ টা দাবী কৰিছে। এই ইউনিফাইড কমাণ্ডক বৰ্তমান নিৰাপত্তা উপদেষ্টাই নেতৃত্ব দি আহিছে।
Also Read: কটহগুৰি প্ৰেছ ক্লাৱৰ কাৰ্যালয় মুকলি...