ৰাহুল গান্ধীক পদ খাৰিজ সন্দৰ্ভত সদনত আলোচনা বিচাৰি পত্ৰ প্ৰেৰণ মনীষ তিৱাৰী আৰু মণিকাম ঠাকুৰৰ...

ৰাহুল গান্ধীক পদ খাৰিজ সন্দৰ্ভত সদনত আলোচনা বিচাৰি পত্ৰ প্ৰেৰণ মনীষ তিৱাৰী আৰু মণিকাম ঠাকুৰৰ...

author-image
Asomiya Pratidin
New Update
ৰাহুল গান্ধীক পদ খাৰিজ সন্দৰ্ভত সদনত আলোচনা বিচাৰি পত্ৰ প্ৰেৰণ মনীষ তিৱাৰী আৰু মণিকাম ঠাকুৰৰ...

ডিজিটেল ডেস্ক: সংসদ স্থগিতৰ প্ৰস্তাৱেৰে লোক সভাৰ সচিব তথা অধ্যক্ষ লৈ আবেদন সাংসদ মনীষ তিৱাৰীৰ। সংসদত আন বিষয়বোৰৰ সমান্তৰালকৈ লোকসভাৰ পৰা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰাৰ সন্দৰ্ভত সদনত আলোচনা বিচাৰি এক পত্ৰ প্ৰেৰণ কৰিছিল বিৰোধী সাংসদ মনীষ তিৱাৰী আৰু সাংসদ মণিকাম ঠাকুৰে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পদ খাৰিজক লৈ দেশত অব্যাহত আছে প্ৰতিবাদ। ইয়াৰ মাজতে আজি ৰাহুল গান্ধীৰ পদ খাৰিজৰ সন্দৰ্ভত সদনত আলোচনা বিচাৰি লোক সভাৰ সচিব তথা অধ্যক্ষ লৈ পত্ৰ প্ৰেৰণ কৰিছিল কংগ্ৰেছ সাংসদ মনীষ তিৱাৰী আৰু মণিকাম ঠাকুৰে। পিছে এই সন্দৰ্ভত কোনো গুৰুত্ব আৰোপ নকৰাৰ কথা পোহৰলৈ আহিছে।

নেতা দুৰাকীয়ে আবেদন খনত উল্লেখ কৰে যে, এইয়া লোক সভা ন্যায়ালয়ে সঠিক বিবেচনা নকৰাকৈ খৰতকীয়া লোৱা সিদ্ধান্ত। সেয়ে বিষয়তো পুনৰ বিবেচনা কৰিব লাগে। লগতে পত্ৰ খনত উল্লেখ কৰে যে, সংসদত আলোচনা নকৰাকৈ যি দৰে সাংসদ ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰা হ'ল, সেইয়া ভাৰতীয় সংবিধান বিৰোধী।

সেয়ে সাংসদ দুগৰাকীয়ে বিষয়টোৰ পুনৰ বিবেচনাৰ বাবে লোকসভাৰ পৰা দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰাৰ সন্দৰ্ভত সদনত আলোচনা বিচাৰিছে নেতা দুগৰাকীয়ে। নেতা দুগৰাকীয়ে লগতে উল্লেখ কৰে যে, ৰাহুল গান্ধীক খৰখেদাকৈ অযোগ্য ঘোষণা কৰাতো ন্যায় নীতিৰ বিৰোধী আৰু ই সংবিধানৰো বিৰোধী। আনহাতে সদনত কোনো বিবেচনা নকৰাকৈ লোৱা সিদ্ধান্ত যে গ্ৰহণ যোগ্য নহয় সেইয়াও উল্লেখ কৰে সাংসদ গৰাকীয়ে।

Also Read: কৃষিখণ্ডত স্ত্ৰী-শক্তিৰ বিশেষ ভূমিকা: শোণিতপুৰত কৃষিমন্ত্ৰী...

All India Congress Committee