পশ্চিমবংগত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা : দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ

৮জন যাত্ৰী নিহত, নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা
পশ্চিমবংগত ভয়ংকৰ ৰে'ল  দুৰ্ঘটনা : দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ
Published on
Updated on

ডিজিটেল ডেস্ক : পশ্চিমবংগৰ শিয়ালদহত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। কাঞ্চনজংঘা এক্সপ্ৰেছত খুন্দা মালবাহী ৰে’লৰ। কাঞ্চনজংঘা এক্সপ্ৰেছত পিছৰ পৰা খুন্দিয়ালে মালবাহী ৰে’লে।

দুৰ্ঘটনাৰ ফলত কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুটা ডবা লাইনচ্যুত হয়। ইয়াৰোপৰি দুৰ্ঘটনা ইমানেই ভয়ংকৰ যে কাঞ্চনজংঘা এক্সপ্ৰেছৰ ওপৰত উঠি গ’ল মালবাহী ৰে’লৰ কেইবাটাও ডবা।

উল্লেখ কৰা প্ৰয়োজন যে উত্তৰ বংগৰ ৰঙাপানী ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো। একেটা ট্ৰেকতে আহিছিল দুয়োখন ৰে’ল।

দুৰ্ঘটনাত কেইবাজনো যাত্ৰী আহত হোৱাৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে ৰে'লখনত আছিল লামডিঙৰ ৫০ জন যাত্ৰী। ইফালে দুৰ্ঘটনাত ৮জন যাত্ৰী নিহত হোৱা বুলি জানিব পৰা গৈছে। নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আহতসকলক উত্তৰ বংগৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত NDRFৰ উদ্ধাৰ অভিযান অৱ্যহত ৰাখিছে যদিও বৰষুণৰ বাবে উদ্ধাৰ অভিযানত বাধা।

আগৰতলাৰ পৰা শিয়ালদহলৈ গৈ আছিল কাঞ্চনজংঘা এক্সপ্ৰেছখন। নিৰ্ধাৰিত সময় অনুসৰিয়েই যাত্ৰা কৰি আছিল কাঞ্চনজংঘা এক্সপ্ৰেছখনে। শিলিগুৰিৰ পৰা কলকাতা সংযোগী মূল ৰে’লপথত এই দুৰ্ঘটনা, যাৰ ফলত দীৰ্ঘ দূৰত্ব ৰে’ল চলাচল সাময়িকভাৱে ব্যাহত। ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰিছে ৰে'ল বিভাগে। 033 2350 8794 আৰু 033 2383 33826ত যোগাযোগ কৰিব পাৰিব বুলি জনাইছে।

পশ্চিমবংগত ভয়ংকৰ ৰে'ল  দুৰ্ঘটনা : দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ
বঢ়মপুৰ সমষ্টিৰ উপ জিলাৰ সদৰ কাৰ্য্যালয় বঢ়মপুৰত স্থাপনৰ দাবী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in