ডিজিটেল ডেস্কঃ আৰক্ষীৰ এগৰাকী কনিষ্টবলে হত্যা কৰিলে এম বি এ পঢ়ি থকা এগৰাকী শিক্ষাৰ্থীক। চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ আহমেদাবাদত। যোৱা কিছুদিনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মেৰঠৰ এগৰাকীক আহমেদাবাদত হত্যা কৰিছিল দুৰ্বৃত্তই। ইয়াৰ পিছতেই আহমেদাবাদ আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল যদিও দুৰ্বৃত্তৰ কোনো সন্ধান পোৱা নাছিল।
মৃত শিক্ষাৰ্থীৰ পৰিয়ালে ন্যায় বিচাৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈও চিঠি লিখিছিল। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ততপৰতাত এই সম্পূৰ্ণ তদন্ত উচ্চস্তৰীয় বিষয়াক প্ৰদান কৰিছিল আহমেদাবাদ আৰক্ষীয়ে। ইয়াৰ পাছতে ওলায় উৰহীৰ ওৰ। পিয়াংশু জৈন নামৰ শিক্ষাৰ্থীগৰাকীক হত্যা কৰা হত্যাকাৰী আছিল এগৰাকী আৰক্ষীৰ কনিষ্টবল।
শেহতীয়াকৈ আৰক্ষীয়ে পাঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী কনিষ্টবলগৰাকীক। বীৰেন্দ্ৰ সিং নামৰ কনিষ্টবলগৰাকীয়ে শিক্ষাৰ্থীগৰাকীক হত্যা কৰা ফুটেজ শেহতীয়াকৈ লাভ কৰিছে আৰক্ষীয়ে। বৰ্তমান আহমেদাবাদ আৰক্ষীৰ জিম্মাত আছে হত্যাকাৰী কনিষ্টবল বীৰেন্দ্ৰ সিং।