নিশা মোডীৰ আৱাসত বিজেপি শীৰ্ষ নেতাৰ বৈঠকঃ সলনি হ'ব পাৰে শীৰ্ষ নেতৃত্ব !

নিশা মোডীৰ আৱাসত বিজেপি শীৰ্ষ নেতাৰ বৈঠকঃ সলনি হ'ব পাৰে শীৰ্ষ নেতৃত্ব !
নিশা মোডীৰ আৱাসত বিজেপি শীৰ্ষ নেতাৰ বৈঠকঃ সলনি হ'ব পাৰে শীৰ্ষ নেতৃত্ব !
Published on
Updated on

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আৱাসত বুধবাৰে নিশা এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দলটোৰ বহু কেইজন জ্যেষ্ঠ নেতা উপস্থিত আছিল। সূত্ৰত প্ৰকাশিত খবৰ মতে এই বৈঠকত দলটোৰ প্ৰসংগত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।

প্ৰায় ৫ ঘণ্টা ধৰি চলা এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নড্ডা, সাংগঠনিক সচিব বি এল সন্তোষ আদি উপস্থিত আছিল। এই বৈঠকত দলটোৰ উপৰিও কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচন আৰু আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কত আলোচনা হৈছে।

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে ইতিমধ্যে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। বুধবাৰৰ নিশাৰ বৈঠকৰ পূৰ্বে অমিত শ্বাহ, বি এল সন্তোষ আৰু আৰ এছ এছ নেতাৰ সৈতে এক বৈঠক অনুষ্ঠিত হৈছিল।

সেই বৈঠকত কেইবাখনো ৰাজ্যৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰণনীতি তৈয়াৰ কৰা হৈছিল। বিজেপিৰ বুথ পৰ্যায়ৰ পৰা সামাজিক মাধ্যমলৈ প্ৰচাৰ অভিযান তীব্ৰ কৰিবলৈ কোৱা হৈছিল।

এই অভিযানৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী মোডীৰ পৰা দলীয় কাৰ্যকৰ্তালৈ সকোলোৱে অংশগ্ৰহণ কৰিছে। ইয়াৰ সমান্তৰালকৈ এই অভিযানৰ ৰিপ'ৰ্টো দলীয় নেতাৰ পৰা শীৰ্ষ নেতৃত্বই বিচাৰিছে।

ইফালে নিৰ্বাচনৰ পূৰ্বেই বিজেপি দলটোৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনিৰো চৰ্চা চলিছে। বুধবাৰৰ বৈঠকত এই বিষয়েও স্থান লাভ কৰিছিল।

উল্লেখ্য যে, চলিত বৰ্ষতেই মধ্যপ্ৰদেশ, তেলেংগানা, ছত্তিশগড় আৰু মিজোৰামত বিধানসভাৰ নিৰ্বাচন আছে। এই আটাইকেইখন ৰাজ্যতে মুঠ লোকসভাৰ আসন আছে ৮৩ খন। সেয়ে এই আটাইকেইখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনক দলটোৱে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে।

নিশা মোডীৰ আৱাসত বিজেপি শীৰ্ষ নেতাৰ বৈঠকঃ সলনি হ'ব পাৰে শীৰ্ষ নেতৃত্ব !
পুৱাই ছিপাঝাৰত দুৰ্ঘটনাঃ পথৰ বাছ সোমালগৈ খাৱৈত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in