মাইক্ৰছফ্ট সমস্যা : কি ক'লে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে...

মানুহ এতিয়া প্ৰযুক্তিৰ দাস। সময় বাগৰাৰ লগে লগে, দৈনন্দিন জীৱনত মানুহে বিভিন্ন প্ৰকাৰৰ প্ৰযুক্তিৰ সৈতে নিজকে সংযুক্ত কৰিছে।
মাইক্ৰছফ্ট সমস্যা : কি ক'লে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে...
Published on
Updated on

ডিজিটেল ডেস্ক : "মানুহ এতিয়া প্ৰযুক্তিৰ দাস। সময় বাগৰাৰ লগে লগে, দৈনন্দিন জীৱনত মানুহে বিভিন্ন প্ৰকাৰৰ প্ৰযুক্তিৰ সৈতে নিজকে সংযুক্ত কৰিছে।

কিন্তু এই প্ৰযুক্তি নিৰ্ভৰশীলতা কিমান ভয়ানক হ'ব পাৰে, সেয়া যোৱা শুক্ৰবাৰে গম পোৱা গৈছিল। কিয়নো মাইক্ৰছফ্টৰ সমস্যাৰ বাবে, ভাৰত আৰু সমগ্ৰ বিশ্বত বিমান সেৱা যথেষ্ট প্ৰভাৱিত হৈছিল। কেৱল এয়াই নহয়, বিভিন্ন সেৱাৰ ক্ষেত্ৰতো নানা সমস্যাৰ সৃষ্টি হৈছিল"- এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ।

শনিবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠৰ ২০ বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত আছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখ্য ন্যায়াধীশগৰাকীয়ে মাইক্ৰছফ্টৰ বিজুতি সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে। ইয়াৰোপৰি প্ৰযুক্তিবিদ্যাৰ সন্দৰ্ভতো তেঁও নিজৰ অভিব্যক্তি প্ৰকাশ কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে শুকুৰবাৰে তেঁও মাদ্ৰাজ উচ্চ ন্যায়ালয়ে আয়োজন কৰা অনুষ্ঠানলৈ যোৱাৰ কথা আছিল। কিন্তু মাইক্ৰছফ্ট সমস্যাৰ হেতু বিমান বাতিল হয়। সেই বাবেই তেঁও এদিন পাছত উক্ত অনুষ্ঠানত উপস্থিত হৈছিল।

অনুষ্ঠানত ডি ৱাই চন্দ্ৰচূড়ে কয়- প্ৰযুক্তিৰ সুবিধা গ্ৰহণ কৰাৰ ক্ষেত্ৰত মই এজন ডাঙৰ বিশ্বাসী। কিন্তু শুক্ৰবাৰে যি কাণ্ড সংঘটিত হ'ল ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে মই উপলব্ধি কৰিছোঁ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে শুকুৰবাৰে মাইক্ৰছফ্টে 'ব্লু স্ক্ৰীণ অফ ডেথ' নামৰ এটা সমস্যাৰ সন্মুখীন হৈছিল। ফলত উক্ত দিনা ভাৰতীয় সময় অনুসৰি পুৱা প্ৰায় ১১-৩০ বজাত কম্পিউটাৰৰ স্ক্ৰীণ হঠাতে নীলা হৈ পৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বতে হুলস্থূলৰ সৃষ্টি হৈছিল।

অৱশ্যে এইক্ষেত্ৰত মাইক্ৰছফ্টে দাবী কৰিছিল যে, এই সমস্যাটো 'ক্ৰাউডষ্ট্ৰাইক' আপডেটৰ ফলত হৈছে। মাইক্ৰছফ্টৰ সমস্যাই সমগ্ৰ বিশ্বৰ এয়াৰলাইন আৰু বেঙ্কিং সেৱা, লগতে শ্বেয়াৰ বজাৰত ব্যাঘাত জন্মাইছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in