নিৰ্বাচনী ফলাফল ঘোষণাৰ সময়তে কাশ্মীৰত দুই সেনা জোৱানক অপহৰণ...

এজনক উদ্ধাৰ, এজনৰ সন্ধানত অব্যাহত উদ্ধাৰ অভিযান

author-image
Asomiya Pratidin
New Update
তিনি দিনত তিনিটাকৈ সন্ত্ৰাসবাদী আক্ৰমণঃ কাশ্মীৰত সন্ত্ৰাসবাদৰ কিৰিলি...

নিৰ্বাচনী ফলাফল ঘোষণাৰ সময়তে কাশ্মীৰত দুই সেনা জোৱানক অপহৰণ...

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সময়তে দুজনকৈ সেনা জোৱান অপহৃত হোৱাৰ খবৰ পোৱা গৈছে। তাৰে এগৰাকী সেনা জোৱানক ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও আন এগৰাকীক এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

তেওঁ এতিয়াও সন্ত্ৰাসবাদীৰ কৱলতে আছে বুলি জানিব পৰা গৈছে। অঞ্চলটোৰ সুৰক্ষা বাহিনীয়ে অপহৃত সেনা জোৱানজনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

জানিব পৰা মতে কাশ্মীৰৰ অনন্ত নাগৰ এক হাবিৰ কাষৰ পৰা দুই সেনা জোৱানক অপহৰণ কৰিছিল সন্ত্ৰাসবাদীয়ে। কিন্তু তাৰে এজনে সুযোগ বুজি পলায়ন কৰে। পাছত তেওঁক সেনাই উদ্ধাৰ কৰে।

এই খবৰ লাভ কৰাৰ পাছতে সেনা, আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। কিন্তু এই পৰ্যন্ত তেওঁৰ কোনো সন্ধান লাভ কৰা নাই।

উল্লেখ্য যে, জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় আৰু তাৰ ফলাফল ৮ অক্টোবৰ, মঙ্গলবাৰে ঘোষণা হয়। নিৰ্বাচনৰ মাজতো এই অঞ্চলটোত কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত হৈছিল।

ইয়াৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ সময়তো অঞ্চলটোত কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত হৈছিল। যোৱা সময়ছোৱাত ধাৰাবাহিকভাৱে হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণত কেইবাজনো সেনা জোৱান, বিষয়া ছদিহ হৈছে।

সেনা, আৰক্ষীৰে সন্ত্ৰাসবাদীৰ এনে সংঘৰ্ষ অব্যাহত থকাৰ মাজতে সন্ত্ৰাসবাদীয়ে সেনা জোৱান অপহৰণ কৰা বিষয়টোৱে এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে।

Also Read: অনলাইন বজাৰত বাঢ়িছে শৰতৰ চাহিদা...

জম্মু কাশ্মীৰ সন্ত্ৰাসবাদী