উড়ান আঁচনি আৰু ১০ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ...

উড়ান আঁচনি আৰু ১০ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ...

author-image
Asomiya Pratidin
New Update
উড়ান আঁচনি আৰু ১০ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ...

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা উড়ান আঁচনি আৰু ১০ বছৰৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে বিমান পৰিবহণ বিভাগে। সোমবাৰে এই কথা ঘোষণা কৰে কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে।

নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- দেশৰ বিভিন্ন অঞ্চলসমূহৰ বিমান পৰিবহণ ব্যৱস্থাৰ উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে উড়ান আঁচনি ঘোষণা কৰিছিল। এই আঁচনিয়ে ইতিমধ্যে ৮টা বছৰ সম্পূৰ্ণ কৰিছে। এতিয়ালৈকে আঁচনিখনে ৭১টা বিমান বন্দৰ সামৰি লৈছে। আঞ্চলিক বিমান পৰিবহণ ক্ষেত্ৰখনলৈ উড়ান আঁচনিয়ে ব্যাপক পৰিৱৰ্তন সাধন কৰিছে। ইয়াৰ উপৰিও পৰ্যটন, নিযুক্তি আদি ক্ষেত্ৰলৈও অৰিহণা যোগাইছে উড়ান আঁচনিয়ে।

উল্লেখযোগ্য যে দেশৰ সাধাৰণ নাগৰিকৰ বাবে বিমান পৰিবহণ পৰিবহণক্ষম হয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ২০১৬ ২১ অক্টোবৰত এই আঁচনি শুভাৰম্ভ কৰা হৈছিল। এই আঁচনিৰ অধীনত ১.৪৪ কোটি যাত্ৰীক বিমান পৰবিহণ ব্যৱস্থাই সামৰি লৈছে।

২০১৪চনত দেশত ৭৪টা বিমান বন্দৰ আছিল। ২০২৪ত এয়া ১৫৭টালৈ বৃদ্ধি পাইছিল আৰু ২০৪৭ত এই বিমান বন্দৰৰ সংখ্যা ৩৫০ৰ পৰা ৪০০লৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বিমান পৰিবহণ মন্ত্ৰালয়ে।

Also Read: মেট্ৰিক দিব নেকি আপোনাৰ সন্তানে ? জানি থওক এই গুৰুত্বপূৰ্ণ খবৰ...

উড়ান আঁচনি বিমান পৰিবহন