ডিজিটেল ডেস্কঃ 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ফেচিষ্ট নেকি?' এই প্ৰশ্নৰ উত্তৰ দি এতিয়া বিপদত পৰিছে গুগলৰ এ আই। ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ ৰোষত পৰিছে জনপ্ৰিয় চাৰ্জ ইঞ্জিন গুগল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্দৰ্ভত ছাৰ্জ ইঞ্জিন গুগলৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ( এ আই) প্লেটফৰ্ম Gemini ত কৰা এক প্ৰশ্নৰ উত্তৰৰ বাবে ভাৰতৰ তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ ৰোষত পৰিছে। গুগললৈ জাননী জাৰি কৰিছে তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে।
জানিব পৰা মতে গুগলৰ এ আই Geminiয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্দৰ্ভত কৰা এক প্ৰশ্নত বিতৰ্কিত উত্তৰ দিছে। এই সন্দৰ্ভত এজন এক্স ব্যৱহাৰকাৰীয়ে উল্লেখ কৰিছিল। ইয়াৰ পিছতে তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে ইয়াক গুৰুত্বসহকাৰে লৈছে।
মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে এক্সত লিখিছে গুগলৰ এই কাৰ্য তথ্য প্ৰযুক্তি আইনৰ তথ্য প্ৰযুক্তি নিয়ম ৩(১)(খ) আৰু ফৌজদাৰী আইনৰ কেইবাটাও ব্যৱস্থাৰ পোনপটীয়া উলংঘন।
উল্লেখ্যে, শ্ৰীময় তালুকদাৰ নামৰ এজন এক্স ব্যৱহাৰকাৰীয়ে আন এটা পোষ্ট ফৰৱাৰ্ড কৰি লিখিছিল এটা প্ৰশ্নৰ উত্তৰত গুগলৰ এ আইয়ে দিয়া উত্তৰ পক্ষপাতিত্বমূলক। চৰকাৰে ইয়াৰ বিবেচনা কৰা উচিত।
দৰাচলতে গুগলৰ এ আইক কৰা প্ৰশ্নটো আছিল মোডী এজন ফেচিষ্ট নেকি? এই উত্তৰত এ আইয়ে কৈছিল-তেওঁৰ ওপৰত এনে নীতি প্ৰয়োগ কৰাৰ অভিযোগ আছে যাৰ বাবে কিছুমান বিশেষজ্ঞই ফেচিবাদী বুলি বিবেচনা কৰে।
এই একেধৰণৰ প্ৰশ্ন পূৰ্বৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিৰ সন্দৰ্ভত কৰা হৈছিল যদিও এ আই জেমিনীয়ে ইয়াৰ কোনো স্পষ্ট উত্তৰ দিয়া নাছিল। জেলনেস্কি সন্দৰ্ভত উত্তৰ আহিছিল- এই প্ৰশ্নটো জটিল, ইয়াৰ কোনো পোনপটীয়া উত্তৰ নাই।
সূত্ৰত প্ৰকাশিত বাতৰি অনুসৰি গুগলৰ এ আইৰ এনে উত্তৰৰ বাবে ইতমধ্যে গুগললৈ জাননী জাৰি কৰা হৈছে। ভাৰত চৰকাৰৰ গুগললৈ প্ৰশ্ন এ আইক কিদৰে প্ৰশিক্ষিত কৰা হৈছে আৰু কি কি সূত্ৰৰ আধাৰত এইদৰে উত্তৰ তৈয়াৰ কৰিছে? অৱশ্যে গুগলে এতিয়ালৈকে ইয়াৰ কোনো উত্তৰ প্ৰদান কৰা নাই।
Also Read: ১ জুলাইৰ পৰা আঁতৰিব IPC : কাৰ্যকৰী হ'ব ৩ খন নতুন আইন...