ধৰ্ষণৰ অভিযুক্তৰ পিতৃয়ে পুত্ৰৰ বাবে দাবী কৰিলে মৃত্যুদণ্ডৰ, কাইলৈ প্ৰশাসনে ভাঙি দিব বাসগৃহ

ধৰ্ষণৰ অভিযুক্তৰ পিতৃয়ে পুত্ৰৰ বাবে দাবী কৰিলে মৃত্যুদণ্ডৰ, কাইলৈ প্ৰশাসনে ভাঙি দিব বাসগৃহ
Published on
Updated on

ডিজিটেল ডেস্কঃ এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্তৰ ঘৰ বুধবাৰে ভাঙি পেলাব প্ৰশাসনে। অবৈধভাৱে নিৰ্মাণ কৰাৰ বাবে এই ঘৰ ভাঙি দিব প্ৰশাসনে। এই ঘটনা মধ্যপ্ৰদেশ উজ্জৈনৰ।

২৫ ছেপ্টেম্বৰ সোমবাৰে মধ্যপ্ৰদেশৰ উজ্জৈনত সংঘটিত হৈছিল এক জঘন্য ধৰ্ষণ কাণ্ড। ১৫ বছৰীয়া কিশোৰীএগৰাকী অৰ্ধ-উলংগ অৱস্থাত সহায়ৰ সন্ধানত ১০-১২ কিলোমিটাৰ খোজ কাঢ়ি আহিছিল। কিন্তু কোনেও তেওঁক সহায় কৰা নাছিল। পাছত এজন আশ্ৰম আচাৰ্যই ভুক্তভোগীগৰাকীক সহায় কৰি হাস্পাতালত ভৰ্তি কৰাইছিল।

ধৰ্ষণৰ গোচৰত অভিযুক্ত এজন অটোৰিক্সা চালক ভৰত চোনীক যোৱা বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁ বৰ্তমান কাৰাগাৰত আছে। ইয়াৰ মাজতে উজ্জৈনৰ পৌৰ নিগমে কয় যে ভাৰত চোনিৰ পৰিয়ালে বহু বছৰ ধৰি চৰকাৰী ভূমিত নিৰ্মিত এটা ঘৰত বাস কৰি আহিছে।

পৌৰ আয়ুক্ত ৰোশন সিঙে কয় যে ভূমিখিনি চৰকাৰৰ, সেয়েহে ঘৰটো ধ্বংস কৰাৰ বাবে কোনো জাননী দিয়াৰ প্ৰয়োজন নাই।

ভৰতৰ দেউতাকে তেওঁৰ পুত্ৰৰ মৃত্যুদণ্ডৰ আহ্বান জনাইছে। লগতে আনহাতে স্থানীয় বাৰ এছ'চিয়েশ্যনৰ সদস্যসকলক আদালতত তেওঁৰ হৈ ওকালতি নকৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে, "এয়া এক লজ্জাজনক কাৰ্য। মই পুত্ৰক লগ কৰিবলৈ আৰক্ষী চকী বা আদালতলৈ নাযাওঁ। মোৰ পুত্ৰই এটা অপৰাধ কৰিছে, সেয়েহে তেওঁক ফাঁচী দিয়া উচিত।

ধৰ্ষণৰ অভিযুক্তৰ পিতৃয়ে পুত্ৰৰ বাবে দাবী কৰিলে মৃত্যুদণ্ডৰ, কাইলৈ প্ৰশাসনে ভাঙি দিব বাসগৃহ
দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in