G7 সন্মিলনত অংশগ্ৰহণৰ বাবে ইটালীত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

G7 সন্মিলনত অংশগ্ৰহণৰ বাবে ইটালীত উপস্থিত প্ৰধানমন্ত্ৰী মোডী
Published on
Updated on

ডিজিটেল ডেস্কঃ  বৃহস্পতিবাৰে নিশা (স্থানীয় সময় অনুসৰি) ইটালীৰ আপুলিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী। ৩ দিনীয়াকৈ অনুষ্ঠিত হোৱা জি 7 সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইটালীত উপস্থিত হোৱা মোডীক আপুলিয়াৰ ব্ৰিণ্ডিচি বিমানবন্দৰত উপস্থিত হোৱা পাছতে উষ্ম আদৰণি জনায়। মোডীয়ে শুকুৰবাৰে উক্ত বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা কৰা হৈছে।

আনহাতে, তেওঁক আদৰিবলৈ বিমানবন্দৰত উপস্থিত হয় ইটালীস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত বাণী ৰাও আৰু অন্য বিষয়াসকল ৷ জি 7 সন্মিলনৰ প্ৰচাৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ এইবেলি ভাৰতক আমন্ত্ৰণ কৰা হৈছে ৷

এই ভ্ৰমণ সন্দৰ্ভত মোডীয়ে কয় যে, তৃতীয়বাৰৰ বাবে ইটালীত অনুষ্ঠিত এই জি 7 সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ আনন্দিত ৷ পূৰ্বৰ ইটালী ভ্ৰমণৰ কথা সোঁৱৰাৰ লগতে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজৰ দ্বি-পাক্ষিক সম্পৰ্ক উন্নত কৰাত সহায় কৰাৰ কথা প্ৰকাশ কৰে মোডীয়ে ৷

উল্লেখ কৰাটো প্ৰয়োজন যে,তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোডীৰ এয়া প্ৰথমটো বিদেশ ভ্ৰমণ ৷ প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণ কাৰ্যসূচীত জি ৭ সন্মিলনৰ প্ৰচাৰ অধিৱেশনত অংশগ্ৰহণ কৰা লগতে বিশ্বৰ আন আন দেশৰ নেতাসকলৰ সৈতে গুৰুত্বপূৰ্ণ বাৰ্তালাপত অংশগ্ৰহণ কৰিব। উক্ত সময়চোৱাত কেইবাখনো দ্বি-পাক্ষিক বৈঠকত অংশ ল'ব মোডীয়ে৷

এই সন্মিলন ১৩ ৰ পৰা ১৫ জুনলৈ আপুলিয়াৰ বৰগো এগনাজিয়া ৰিজ’ৰ্টত অনুষ্ঠিত হৈছে। এয়া ভাৰতৰ ১১ সংখ্যক অংশগ্ৰহণ আৰু জি 7 সন্মিলনত মোডীৰ একেৰাহে পঞ্চম অংশগ্ৰহণ বুলি বিবেচিত হৈছে ৷ ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলোনিৰ আমন্ত্ৰণমৰ্মে এই সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in