ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে ৰাজ্যসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধিক কটাক্ষ কৰি বহু মন্তব্য কৰে। প্ৰধানমন্ত্ৰী গৰাকীৰ ভাষণৰ মুখ্য মন্তব্য কেইটামান তলত উল্লেখ কৰা হ'ল-
-
দেশে এই সদনত কোৱা কথাবোৰ শুনিছে। কিছুমান সাংসদে এই সদনত বদনাম দিছে।
-
মই এই সাংসদ সকলক ক'ব বিচাৰো, আপুনি যিমানেই বোকা চতিয়াব সিমানেই পদুম ফুলিব।
-
কংগ্ৰেছে উন্নয়নত বাধাৰ সৃষ্টি কৰিছিল। যাৰ বাবে ভাৰতে ৬ টাকৈ দশক কেৱল হেৰুৱাইছে যি সময়ত সৰু ৰাষ্ট্ৰবোৰে উন্নয়নৰ শিখৰলৈ গতি কৰিছে।
-
কংগ্ৰেছে কেৱল 'টোকেনবাদ'ত লিপ্ত আছিল। কেতিয়াও দেশৰ সমস্যা সমাধান কৰিব বিচৰা নাছিল। আমি সমস্যা সমাধান কৰি আগবাঢ়িব বিচাৰিছো।
-
যোৱা ৩-৪ বছৰত প্ৰায় ১১কোটি ঘৰত পানীৰ সংযোগ হৈছে। আমি জন ধন একাউণ্ট আন্দোলন আৰম্ভ কৰিলো। যোৱা ৯ বছৰত, সমগ্ৰ দেশতে ৪৮কোটি জন ধন একাউণ্ট খোলা হৈছিল।
-
, যদি কংগ্ৰেছে জনজাতীয় লোকসকলৰ বাবে সমৰ্পণেৰে কাম কৰিছিল, তেন্তে আমি তেওঁলোকৰ কল্যাণৰ বাবে ইমান কঠোৰ পৰিশ্ৰম কৰিব নালাগিল হেতেন।
-
আমাৰ চৰকাৰে মহিলা সকলৰ সৱলীকৰনৰ বাবে কাম কৰি আছে।
তদুপৰি বুধবাৰে ৰাজ্যসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ ওপৰতো মন্তব্য কৰে। সকলোকে এবাৰ উত্তৰ পূৰ্বাঞ্চললৈ আহি চাবলৈ আহ্বান যে কি ধৰণৰ উন্নয়ন হৈছে। কংগ্ৰেছৰ দিনত উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ হোৱা নাছিল কিন্তু বিজেপিৰ কালত উন্নতিৰ শিখৰলৈ গতি কৰিছে উত্তৰ পূৱ।
আৰু পঢ়ক: ৰাজ্যত বাল্য বিবাহ বিৰোধী অভিযান, চৰকাৰক সমালোচনা দল-সংগঠনৰ