বৰ্তমান পাকিস্তানত থকা মহম্মদ কাছিম গুজ্জৰক সন্ত্ৰাসবাদী ঘোষণা গৃহ মন্ত্ৰালয়ৰ

বৰ্তমান পাকিস্তানত থকা মহম্মদ কাছিম গুজ্জৰক সন্ত্ৰাসবাদী ঘোষণা গৃহ মন্ত্ৰালয়ৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ লস্কৰ-ই-তৈয়বাৰ সদস্য মহম্মদ কাছিম গুজ্জৰক ভাৰত চৰকাৰে সন্ত্ৰাসবাদী ঘোষণা কৰে। কাছিম বৰ্তমান পাকিস্তান অধিকৃত কাশ্মীৰত আছে। গৃহমন্ত্ৰালয়ে বৃহস্পতিবাৰে ইউএপিএৰ অধীনত তেওঁক সন্ত্ৰাসবাদী ঘোষণা কৰে।

গৃহ মন্ত্ৰালয়ে ছ'চিয়েল মিডিয়াত জাৰি কৰি এক বিবৃতিত লিখিছে যে, মহম্মদ কাছিম গুজ্জৰ ওৰফে ছলমান ওৰফে চুলেমান(৩২)ক সন্ত্ৰাসবাদী ঘোষণা কৰা হ'ল। কিয়নো তেওঁ বহু দিন ধৰি সন্ত্ৰাসবাদী কাৰ্যকালাপত জড়িত হৈ আছে। ড্ৰোনৰ দ্বাৰা অস্ত্ৰ-শস্ত্ৰ সৰবৰা, গোলা-বাৰুদৰ সৰবৰাহ, আইইডি বিস্ফোৰণ আদি ঘটনাত তেওঁৰ নাম সাঙোৰ খাইছে। তেওঁৰ স্থায়ী ঠিকনা হৈছে জম্মুৰ আংৰালা, তহচিল মহোৰে, জিলা ৰিয়াচি। তেওঁ বৰ্তমান পাকিস্তান অধিকৃত কাশ্মীৰত বাস কৰি আছে।

কাছিমে ভাৰতৰ বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকালাপ, বোমা বিস্ফোৰণত বহু লোক নিহত আদিৰ বাবে জগৰীয়া। সন্ত্ৰাসবাদী কাৰ্যকলাপ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে কয় যে মহম্মদ কাছিম বহুতো নতুন সন্ত্ৰাসবাদী মডিউলৰ সৈতে জড়িত হৈ আছে। তেওঁ সামাজিক মাধ্যম বা অনলাইনৰ জৰিয়তেও সন্ত্ৰাসবাদী কাৰ্যকালাপ বিয়পোৱাৰ কাম কৰে।

বৰ্তমান পাকিস্তানত থকা মহম্মদ কাছিম গুজ্জৰক সন্ত্ৰাসবাদী ঘোষণা গৃহ মন্ত্ৰালয়ৰ
ই-ৰিক্সাত ধন থৈ গৈছিল চাহ খাবলৈ, লুটি নিলে ৬ লাখ টকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in