আমেৰিকাত যোগ দিৱস পালন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

আমেৰিকাত যোগ দিৱস পালন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ  আজি সমগ্ৰ বিশ্বত পালন কৰা হয় আন্তজাৰ্তিক যোগ দিৱস। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত ৰাষ্ট্ৰসংঘৰ ভাষণত ২১ জুনৰ দিনটো বাৰ্ষিক যোগ দিৱস হিচাপে পালন কৰাৰ পৰামৰ্শ দিয়াৰ পিছতে ২০১৫ চনৰ পৰা এই দিনটোক আন্তজাৰ্তিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে।

২১ জুনৰ দিনটো উত্তৰ গোলাৰ্ধত বছৰটোৰ আটাইতকৈ দীঘল দিন আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিশেষ গুৰুত্ব থকাৰ বাবেই এই পৰামৰ্শ দিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে। আজি যোগ দিৱসৰ দিনা আমেৰিকাত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

প্ৰধানমন্ত্ৰী মোডীয়ে বুধবাৰে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আন্তৰ্জাতিক যোগ দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰে য'ত তেওঁ কেইবাটাও যোগভঙ্গী প্ৰদৰ্শন কৰে। মোডীয়ে যোগ প্ৰদৰ্শন কৰাৰ সময়ত বগা টি-চাৰ্ট আৰু ট্ৰাউজাৰ পিন্ধি থকাৰ লগতে ডিঙিত দেখা যায় এখন গামোচা।

উল্লেখ্য যে, ৩ দিনীয়া ভ্ৰমণ সূচীৰে আমেৰিকালৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই সময়চোৱাত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডীৰ সৈতে নৈশ ভোজন গ্ৰহণ কৰিব। ইয়াৰোপৰি এই ভ্ৰমণৰ ফলত আমেৰিকা আৰু ভাৰতৰ মাজৰ সম্পৰ্ক অধিক মজবুত হ'ব বুলি আশা কৰা হৈছে।

আমেৰিকাত যোগ দিৱস পালন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
ব্লেডেৰে ৰেপি, মৰিয়াই হত্যা মহিলাক! চিঞৰ দমাই ৰাখিবলৈ দুদিন ধৰি উচ্চ স্বৰত বজালে সংগীত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in