৫.৮ কোটি ভুৱা হিতাধিকাৰীৰ ৰেচন কাৰ্ড বাতিল...

ভাৰতীয় খাদ্য মন্ত্ৰণালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা এক তথ্য অনুসৰি ভাৰতৰ ৰাজহুৱা বিতৰণ প্ৰণালী চমুকৈ পি ডি এছে বৰ্তমান চৰকাৰৰ বৃহৎ ডিজিটেল পদক্ষেপৰ জৰিয়তে এক নতুন দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
ভুৱা ৰেচন কাৰ্ড

ডিজিটেল ডেস্কঃ ভাৰতীয় খাদ্য মন্ত্ৰণালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা এক তথ্য অনুসৰি ভাৰতৰ ৰাজহুৱা বিতৰণ প্ৰণালী চমুকৈ পি ডি এছে বৰ্তমান চৰকাৰৰ বৃহৎ ডিজিটেল পদক্ষেপৰ জৰিয়তে এক নতুন দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হৈছে। লগতে ভাৰতৰ খাদ্য সুৰক্ষা কাৰ্যসূচীয়ে সমগ্ৰ বিশ্বতে এক নতুন মাপকাঠি নিৰ্ধাৰণ কৰিছে। 

উল্লেখ্য যে, ভাৰতৰ খাদ্য সুৰক্ষা কাৰ্যসূচীত মুঠ হিতাধিকাৰীৰ সংখ্যা ৮০.৬ কোটি। কিন্তু আধাৰ-আধাৰিত প্ৰমাণীকৰণ আৰু ইলক্ট্ৰনিক কে ৱাই চি প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ পাছত ইয়াৰে ৫.৮ কোটি ভুৱা হিতাধিকাৰী চিনাক্ত কৰা হৈছে। এইসকল ভুৱা হিতাধিকাৰীৰ ৰেচন কাৰ্ড বাতিল কৰা হৈছে।

মন্ত্ৰণালয়ৰ ফালৰ পৰা এই সন্দৰ্ভত কয় যে, এনে উদ্যোগৰ ফলত দুৰ্নীতিৰ পৰিমাণ ব্যাপকহাৰত হ্ৰাস পাইছে আৰু সঠিকভাৱে লক্ষ্য স্থিৰ কৰা সম্ভৱ হৈছে।

বৰ্তমান দেশৰ ২০.৪ কোটি ৰেচন কাৰ্ড ডিজিটেল কৰা হৈছে। যাৰ ভিতৰত ৯৯.৮ শতাংশ কাৰ্ডৰ আধাৰ সংযোগ কৰা হৈছে। ইয়াৰোপৰি ৯৮.৭ শতাংশ হিতাধিকাৰীৰ বায়মেট্ৰিক প্ৰমাণীকৰণ কৰা হৈছে। 

বৰ্তমান দেশৰ সকলো সুলভ মূল্যৰ দোকানত ৫.৩৩ লাখ e-PoS ডিভাইছ স্থাপন কৰা হৈছে। এই ডিভাইছে ৰেচন বিতৰণ কৰাৰ সময়ত আধাৰ ভিত্তিক প্ৰমাণীকৰণ নিশ্চিত কৰে। তাৰোপৰি সঠিক হিতাধিকাৰীক ৰেচন বিতৰণ কৰা হৈছে নে নাই সেই লক্ষ্যও নিশ্চিত কৰে।

মন্ত্ৰণালয়ে পুনৰ কয়, আজি আধাৰ প্ৰমাণীকৰণ ব্যৱহাৰ কৰি মুঠ খাদ্যশস্যৰ ৯৮ শতাংশ বিতৰণ কৰা হৈছে। ফলত অযোগ্য হিতাধিকাৰীৰ কাষলৈ ৰেচন যোৱাৰ ঘটনা বা চুৰি আৰু অনিয়ম বহু হ্ৰাস পাইছে। 

''এক দেশ, এক ৰেচনকাৰ্ড'' আঁচনিয়ে দেশজুৰি প্ৰৱেশাধিকাৰি নিশ্চিত কৰিছে। যাৰ জৰিয়তে হিতাধিকাৰীসকলে যিকোনো স্থানৰ পৰা তেওঁলোকৰ ৰেচন সংগ্ৰহ কৰিব পাৰে।

খাদ্য মন্ত্ৰালয়ে লগতে জানিবলৈ দিয়ে যে, ভাৰতীয় খাদ্য নিগমে যোগান শৃংখলা ব্যৱস্থাপনাৰ বাবে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে ৰে'লৱেৰ সৈতে সম্পৰ্কিত পৰিবহন ট্ৰেকিং প্ৰণালী প্ৰৱৰ্তন কৰিছে। এই ব্যৱস্থাই খাদ্যশস্যৰ সময়মতে যোগান ধৰাৰ বাবে পৰিবহন নিৰীক্ষণত সহায় কৰিছে।

 

 

ৰেচন কাৰ্ড খাদ্য সুৰক্ষা