ডিজিটেল ডেস্কঃ ভাৰতৰ লঘু, ক্ষুদ্ৰ আৰু মজলিয়া উদ্যোগ চমুকৈ MSME খণ্ডত ২৩ কোটি চাকৰিৰ সৃষ্টি হৈছে। MSME মন্ত্ৰণলায়ৰ চৰকাৰী পৰিসংখ্যা অনুসৰি উদ্যম প'ৰ্টেলত পঞ্জীয়নকৃত ৫.৪৯ কোটি MSME য়ে ২৩.১৪ কোটি চাকৰিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
বিগত বছৰৰ আগষ্ট মাহত এই খণ্ডই সৃষ্টি কৰা নিয়োগৰ সংখ্যা আছিল ১৩.১৫ কোটি। সেই মতে মাত্ৰ এবছৰতে MSME খণ্ডত সৃষ্টি হোৱা চাকৰিৰ সংখ্যা ১০ কোটিৰো অধিক বৃদ্ধি পালে।
এই নিয়োগৰ সংখ্যাত অন্তৰ্ভুক্ত হোৱা ২.৮৪ কোটি নিয়োগেই সৃষ্টি হৈছে ২.৩৪ কোটি অনানুষ্ঠানিক লঘু উদ্যোগৰ দ্বাৰা। ইয়াত অন্তৰ্ভুক্ত আছে ৫.২৩ কোটি মহিলা।
পঞ্জীয়নকৃত উদ্যোগৰ ভিতৰত ৫.৪১ কোটি লঘু উদ্যোগ, ৭.২৭ লাখ ক্ষুদ্ৰ উদ্যোগ আৰু ৬৮,৬৮২ টা মজলীয়া উদ্যোগ আছে। ২০২০ চনত উদ্যম প'ৰ্টেল মুকলিৰ সময়ত MSME খণ্ডত ২.৮ কোটি নিয়োগৰ সৃষ্টি হৈছিল।
অৱশ্যে ৰাষ্ট্ৰীয় নমুনা জৰীপ (২০১৫-১৬) অনুসৰি MSME খণ্ডত ৬.৩৩ কোটি আৱণ্টিত অনা-কৃষি উদ্যোগ আছে। এই উদ্যোগ খণ্ডই দেশজুৰি ১১.১০ কোটি নিয়োগৰ সৃষ্টি কৰিছে।
ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তথ্য অনুসৰি ২০২৪ বিত্তীয় বৰ্ষত দেশত মুঠ ৪.৬৭ কোটি চাকৰি সৃষ্টি হৈছে। ফলত মুঠ চাকৰিৰ সংখ্যা ৬৪.৩৩ কোটিত উপনীত হৈছে। ইয়াৰ ভিতৰত কৃষি ক্ষেত্ৰত নিয়োগৰ অংশীদাৰিত্ব ৪৫ শতাংৰো অধিক।
নিয়োগৰ সৃষ্টিৰ উপৰিও বহু MSME বন্ধও হৈ পৰিছে। ইয়াৰ বাবে নিয়োগৰ ক্ষেত্ৰত যথেষ্ট ক্ষতিও হৈছে। MSME মন্ত্ৰী জিতন ৰাম মাঝিয়ে জনোৱা অনুসৰি ২০২০ চনৰ পৰা ৪৯,৩৪২ কোটি MSME বন্ধ হৈ পৰিছে। ফলত ৩১৭,৬৪১ কোটি নিয়োগ হেৰুৱাবলগীয়া হৈছে।
তেওঁ কয়, MSME সমূহ প'ৰ্টেল ডি-ৰেজিষ্টাৰ বা বন্ধ হৈছে বিভিন্ন কাৰত। মালিস্বত্বৰ পৰিবৰ্তন, প্ৰমাণ পত্ৰৰ প্ৰয়োজন নোহোৱা, ভুৱা বা ডুপ্লিকেট পঞ্জীয়ন আদিৰ দৰে বিভিন্ন কাৰণত MSME বোৰ পঞ্জীয়নমুক্ত বা প'ৰ্টেলত বন্ধ কৰা হৈছে।