শ্ৰমিকক জীৱন্তে দিছিল ট্ৰাকত জ্বলাই! নিজকে মৃত সজোৱা হত্যাৰ অভিযুক্তক ২০ বছৰ পাছত গ্ৰেপ্তাৰ

অভিযোগ অনুসৰি নৌসেনাৰ এজন কৰ্মচাৰীয়ে ২০ বছৰ আগতে এজন লোকক ডিঙি চেপি আৰু দুজন লোকক জীৱন্তে জ্বলাই হত্যা কৰিছিল।

author-image
Asomiya Pratidin
New Update
শ্ৰমিকক জীৱন্তে দিছিল ট্ৰাকত জ্বলাই! নিজকে মৃত সজোৱা হত্যাৰ অভিযুক্তক ২০ বছৰ পাছত গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ প্ৰায় ২০ বছৰ পাছত মঙলবাৰে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন হত্যাৰ অভিযুক্তক। অভিযোগ অনুসৰি নৌসেনাৰ এজন কৰ্মচাৰীয়ে ২০ বছৰ আগতে এজন লোকক ডিঙি চেপি আৰু দুজন লোকক জীৱন্তে জ্বলাই হত্যা কৰিছিল।

হত্যাৰ পাছত আৰক্ষীৰ চকুত ধূলি দি লোকজনে নাম সলাই এক স্বাভাৱিক জীৱন অতিবাহিত কৰি আছিল। গ্ৰেপ্তাৰ হোৱা নৌসেনাৰ বিষয়াগৰাকীৰ নাম বালেশ কুমাৰ আৰু তেওঁৰ বয়স বৰ্তমান ৬০ বছৰ।

দিল্লী আৰক্ষীয়ে তথ্য পাইছিল যে ২০০৪ চনত এটা হত্যাকাণ্ডৰ অভিযুক্ত বালেশ কুমাৰ বৰ্তমান নজফগড়ত বাস কৰি আছে। বালেশ কুমাৰে তেওঁৰ নাম সলনি কৰি অমন সিং ৰাখিছিল আৰু ব্যৱসায়ী হিচাপে কাম কৰি আছিল। যেতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল তেতিয়া সকলো কথা পোহৰলৈ আহিছিল আৰু পাছত গ্ৰেপ্তাৰ কৰা হৈছিল।

বালেশ কুমাৰ হাৰিয়ানাৰ বাসিন্দা। ১৯৮১ চনত তেওঁ নৌসেনাত যোগদান কৰিছিল আৰু ১৯৯৬ চনত অৱসৰ গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ দিল্লীত থাকিবলৈ আৰম্ভ কৰিছিল।

বালেশে কৈছে যে ২০০৪ চনত তেওঁ ভাতৃ সুন্দৰলালৰ সৈতে মিলি ৰাজেশ নামৰ এজন লোকক ডিঙি চেপি হত্যা কৰিছিল। তেওঁলোকে সুৰাপান কৰি আছিল আৰু তেতিয়াই তেওঁলোকৰ মাজত কাজিয়া হৈছিল। সেই কাজিয়াতে দুই ভাতৃয়ে মিলি হত্যা কৰিছিল ৰাজেশক।

তাৰপাছতে তাৰ পৰা পলায়ন কৰিছিল আৰু হত্যাৰ অভিযোগৰ পৰা সাৰিবলৈ পৰিকল্পনা কৰিছিল। সেই অনুসৰি বিহাৰৰ পৰা দুজন শ্ৰমিকক কাম কৰাৰ প্ৰতিশ্ৰুতিৰে লৈ আনিছিল।

জোধপুৰলৈ নি সেই শ্ৰমিক দুজনক ট্ৰাকৰ ভিতৰত জীৱন্তে জ্বলাই দিছিল বালেশে আৰু নিজৰ পৰিচয় পত্ৰ উক্ত স্থানত থৈ দিছিল। যাৰ বাবে এই মৃতদেহ বালেশ কুমাৰৰ বুলি চিনাক্ত হৈছিল। অৱশ্যে অন্য লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাছিল।

যেতিয়া ৰাজেশ কুমাৰৰ হত্যাৰ গোচৰ আদালতত গৈছিল তেতিয়া সুন্দৰলালক শাস্তি শুনোৱা হৈছিল আৰু বালেশৰ মৃত্যু হোৱা বুলি ধৰি লোৱা হৈছিল। ইয়াৰ পাছত প্ৰায় ২০ বছৰে বালেশৰ বীমা আৰু পেঞ্চন তেওঁৰ পত্নীয়ে লাভ কৰি আছিল। অৱশেষত গ্ৰেপ্তাৰ হয় হত্যাৰ মূল অভিযুক্ত।

Also Read: স্কুটীতকৈ শ্ৰেণীকোঠা এটাৰ প্ৰয়োজন আমাৰ...

delhi police