কিয় নালন্দাৰ পৰা আঁতৰি গৈছিল বিজ্ঞান, অৰ্থনীতিৰ দুই 'Genius' ?

কিয় নালন্দাৰ পৰা আঁতৰি গৈছিল বিজ্ঞান, অৰ্থনীতিৰ দুই 'Genius' ?
কিয় নালন্দাৰ পৰা আঁতৰি গৈছিল বিজ্ঞান, অৰ্থনীতিৰ দুই 'Genius' ?
Published on
Updated on

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৯ জুনত নালন্দা বিশ্ববিদ্যালয়ৰ এটা কেম্পাচ উদ্বোধন কৰাৰ পাছৰে পৰা পুনৰ চৰ্চাত আছে ঐতিহ্যমণ্ডিত এই বিশ্ববিদ্যালয়খন। প্ৰাচীন বিশ্ববিদ্যালয়খনৰ ইতিহাস সন্দৰ্ভত ইতিমধ্যে অসমীয়া প্ৰতিদিন ডিজিটেলও এক বিস্তাৰিত প্ৰতিবেদন প্ৰকাশ কৰিছে।

এই প্ৰতিবেদনতে উল্লেখ কৰা হৈছিল ২০০৬ চনতে তদানীন্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে কিদৰে এই বিশ্ববিদ্যালয়খন পুনৰ নিৰ্মাণৰ পৃষ্ঠপোষকতা কৰিছিল। এ পি জে আব্দুল কালামৰ প্ৰস্তাৱৰ পাছতে বিহাৰ বিধানসভাত ২০০৭ ত বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে প্ৰথমে বিল পাছ হৈছিল। কিন্তু আশ্চৰ্যজনকভাৱে পৰৱৰ্তী সময়ত এই বিশ্ববিদ্যালয়খনৰ আঁতৰি আহিছিল এ পি জে আব্দুল কালাম। সেইদৰেই এই বিশ্ববিদ্যালয়খনৰ সৈতে আৰম্ভণিৰে পৰা জড়িত হৈ থকা নবেল বিজয়ী অৰ্মত্য সেনো পৰৱৰ্তী সময়ত আঁতৰি আহিছিল।

২০০৭ চনত নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ চৰকাৰে বিধানসভাত ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ প্ৰস্তাৱৰ প্ৰতি সহাৰি জনাই নালন্দা বিশ্ববিদ্যালয় সম্পৰ্কীয় বিল পাছ কৰে। পাছত কেন্দ্ৰীয় চৰকাৰো এই বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত হৈ পৰে। একেদৰে এই বিশ্ববিদ্যালয়খনলৈ  পূব এছিয়া সন্মিলনেও সমৰ্থন আগবঢ়ায়। এই পূব এছিয়া সন্মিলনো ইয়াৰ সৈতে জড়িত হৈ পৰে।

সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল ড০ মনমোহন সিং। সিঙে এই বিশ্ববিদ্যালয়খনৰ দায়িত্ব অৰ্পণ কৰে প্ৰসিদ্ধ ভাৰতীয় অৰ্থনীতিবিদ অৰ্মত্য সেনক। ন’বলে বিজয়ী এইগৰাকী অৰ্থনীতিবিদৰ অধ্যক্ষতাতে ২০০৭ চনতে গঠন কৰা হয় মেণ্টৰ গ্ৰুপ। এই মেণ্টৰ গ্ৰুপৰ আন আন সদস্যৰ ভিতৰত আছিল লৰ্ড মেঘনাদ দেশাই, অধ্যাপক সুগাতা বসু, এন কে সিঙৰ দৰে ব্যক্তি।

ইয়াৰ পিছত ২১ আগষ্ট ২০১০ত ৰাজ্যসভা আৰু ২৬ আগষ্ট ২০১০ ত লোকসভাত নালন্দা বিশ্ববিদ্যালয়ৰ বিধেয়ক পাছ হয়। এই প্ৰকল্পৰ বাবে নিৰ্ধাৰণ কৰা হয় ২০০০ কোটি টকা। যদিও এই গোটেই প্ৰকল্পৰ ধাৰণা আছিল এ পি জে আব্দুল কালামৰ তথাপিও এই প্ৰকল্পলৈ সহযোগিতা আগবঢ়ায় পূব এছিয়াৰ ১৬ খনকৈ দেশে।

বিশ্ববিদ্যালয়খনৰ আচাৰ্য আৰু উপাচাৰ্য আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰে এছিয়া সন্মিলনে। ইয়াৰ মাজতে ২০১১ চনৰ ১৫ ছেপ্টেম্বৰত আব্দুল কালামে এই প্ৰকল্পৰ পৰা নিজকে আঁতৰ কৰে। অৱশ্যে কালামে এই প্ৰকল্পৰ পৰা নিজকে কিয় আঁতৰাই আনিলে সেই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো কথাই প্ৰকাশ নকৰিলে।

তথাপিও একাংশ সংবাদ মাধ্যমৰ তথ্য অনুসৰি বিশ্ববিদ্যালয়খনক কেন্দ্ৰ কৰি কিছুমান এনে বিষয় সন্মুখলৈ আহিল যিবোৰক লৈ বিবাদ আৰম্ভ হয়। এনে বিবাদৰ বাবেই কালামে ইয়াৰ পৰা নিজকে আঁতৰাই ৰাখে। ইয়াৰে এটা বিতৰ্ক আছিল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি।

নালন্দাৰ মেণ্টৰ গ্ৰুপে গোপা সভৰৱালক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য নিযুক্তি কৰিবলৈ প্ৰস্তাৱ ৰাখে। সেই সময়ত গোপা সভৰৱাল দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহাবিদ্যালয়ৰ সমাজশাস্ত্ৰ বিষয়ৰ ৰিডাৰ হিচাপে কৰ্মৰত আছিল। এই প্ৰকল্পৰ কাম চলাই থকা বিদেশ মন্ত্ৰণালয়ে মেণ্টৰ গ্ৰুপৰ এই প্ৰস্তাৱক স্বীকাৰ কৰে।

ইয়াৰ পিছতে সভৰৱালে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ দৰেই কাম আৰম্ভ কৰে। কিন্তু তেতিয়ালৈকে তেওঁৰ এই নিযুক্তিত আব্দুল কালামে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা নাছিল। ইয়াৰ পূৰ্বে আকৌ এই পদৰ বাবে চৰ্চালৈ আহিছিল ইতিহাসবিদ ৰামচন্দ্ৰ গুহ আৰু ৰাজনৈতিক বিজ্ঞানী প্ৰতাপ ভানু মেহতাৰ নাম। কিন্তু দুয়োগৰাকীয়ে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে।

ইফালে ৰাষ্ট্ৰপতি কালামে আনুষ্ঠানিকতা সম্পূৰ্ণ নকৰাত সভৰৱালাৰ ক্ষমতা আৰু কৰ্তৃত্বৰ ওপৰতো বিহাৰৰ একাংশ শিক্ষাবিদে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত সভৰৱালাই কয়, নালন্দাৰ মেণ্টৰ গ্ৰুপক সকলোধৰণৰ নিযুক্তিৰ ক্ষেত্ৰত স্বতন্ত্ৰ অধিকাৰ প্ৰদান কৰা হৈছিল। বিশ্ববিদ্যালয় অনুদান আয়োগ বা মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ কোনো নিৰ্দেশ ইয়াত কাৰ্যকৰী হোৱা নাছিল। দায়িত্ব গ্ৰহণৰ সময়ত এই পদৰ বাবে আন কোনো আগ্ৰহী আছিল নে নাই সেই বিষয়েও তেওঁ অৱগত নাছিল।

এনে পৰিস্থিতিৰ মাজতে ২০১২ ত অৰ্থনীতিবিদ অৰ্মত্য সেনক বিশ্ববিদ্যালয়খনৰ প্ৰথমগৰাকী আচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ২০১৪ ৰ ছেপ্টেম্বৰত এই বিশ্ববিদ্যালয়খনৰ প্ৰথমটো শিক্ষাবৰ্ষ আৰম্ভ হয়। কিন্তু তাৰ এটা বছৰ পিছতেই ২০১৫ত অৰ্মত্য সেনৰ কাৰ্যকাল অন্ত পৰে। অৱশ্যে তেওঁ বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য আছিল।

বিশ্ববিদ্যালয়খনৰ পুনৰ নিৰ্মাণৰ প্ৰস্তাৱ উত্থাপনৰ পৰা আৰম্ভ কৰি ২০১৬ লৈকে সুদীৰ্ঘ এটা দশক অৰ্মত্য সেন এই বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ থাকে। ইফালে সেই সময়তে কেন্দ্ৰত চৰকাৰো সলনি হয়। প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বলৈ আহে নৰেন্দ্ৰ মোডীয়ে। অৰ্মত্য সেন আছিল নৰেন্দ্ৰ মোডীৰ প্ৰধান সমালোচক।

সেয়ে ২০১৬ ত তেওঁ বিশ্ববিদ্যালয়খনৰ পৰিচালনা সমিতিৰ পৰাও পদত্যাগ কৰে। ইয়াৰ পূৰ্বে ২০১৫ চনত তেওঁ মুকলিকৈয়ে বিশ্ববিদ্যালয়খনত ৰাজনৈতিক হস্তক্ষেপৰ অভিযোগ উত্থাপন কৰে। তেওঁ মুকলিকৈয়ে কবলৈয়ো কুণ্ঠাবোধ নকৰিলে বিজেপি চৰকাৰে তেওঁক বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত হৈ থকাটো বিচৰা নাই বুলি ক’বলৈ। ইয়াৰ পিছতে ভংগ কৰা হয় নালন্দা বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতি। ২০১৬ ত ৰাষ্ট্ৰপতি হিচাপে প্ৰণৱ মুখাৰ্জীয়ে নালন্দা বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতি পুনৰ গঠন কৰাত অনুমতি প্ৰদান কৰে।

এইদৰেই দুই প্ৰসিদ্ধ ভাৰতীয়ই পৰিস্থিতিত পৰি নালন্দা বিশ্ববিদ্যালয়ৰ পৰা নিজকে আঁতৰাই আনিলে। যাৰ বাবে নিশ্চিতভাৱে ঐতিহাসিক এই বিশ্ববিদ্যালয়খনে দুজন যোগ্য আৰু অভিজ্ঞ অভিভাৱকৰ অভিভাৱকত্বৰ পৰা বঞ্চিত হ’ল।

কিয় নালন্দাৰ পৰা আঁতৰি গৈছিল বিজ্ঞান, অৰ্থনীতিৰ দুই 'Genius' ?
ঐতিহ্য, পৰিচয়, মূল্যবোধ আৰু সন্মানৰ এক অন্য ৰূপ নালন্দা বিশ্ববিদ্যালয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in