মহিলা সংৰক্ষণ বিলঃBJPৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী, মোডীৰ ফটো ছেচন...

মহিলা সংৰক্ষণ বিলঃBJPৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী, মোডীৰ ফটো ছেচন...

author-image
Asomiya Pratidin
New Update
মহিলা সংৰক্ষণ বিলঃBJPৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী, মোডীৰ ফটো ছেচন...

মহিলা সংৰক্ষণ বিলঃBJPৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী, মোডীৰ ফটো ছেচন...

ডিজিটেল ডেস্কঃ লোকসভাৰ পাছত ৰাজ্যসভাতো গৃহীত হ'ল মহিলা সংৰক্ষণ বিল। বৃহস্পতিবাৰে বিনা বাধাই ৰাজ্যসভাত এই বিল গৃহীত হোৱাৰ পাছত বিজেপি শিবিৰত উৎসৱমুখৰ পৰিৱেশৰ সূচনা হৈছে।

দলটোৰ মহিলা সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোডীয়ে একেলগে ফটো ছেচন কৰাৰ উপৰিও দিল্লীত বিজেপিৰ সদৰ দপ্তৰৰ সন্মুখত মোতায়েন কৰা হৈছে মহিলা নিৰাপত্তাৰক্ষী। আৰু তাতেই দলটোৰ মহিলা কৰ্মী-সমৰ্থকৰ মাজত দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ।

উল্লেখ্য যে, বৃহস্পতিবাৰে সংসদৰ উচ্চ সদনত এই বিলখনক লৈ আলোচনাৰ অন্তত বিলখনৰ সপক্ষে ২১৫ টা ভোট পৰাৰ বিপৰিতে বিপক্ষে এটাও ভোট নপৰিল। ইয়াৰ পাছতে এই বিলখন আইনলৈ ৰূপান্তৰ হোৱাৰ ক্ষেত্ৰত আৰু এঢাপ আগুৱাই গ'ল।

এতিয়া কেৱল বিলখনত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ প্ৰয়োজন। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে এই বিলত স্বাক্ষৰ কৰাৰ লগে লগে এই ঐতিহাসিক বিলখন আইনত পৰিণত হ'ব। ৰাজ্যসভাত এই ঐতিহাসিক বিলখন পাছ হোৱাৰ পাছতে বিজেপিৰ মহিলা সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোডীয়ে উঠা ফটো এতিয়া ভাইৰেল হৈ পৰিছে।

এই ফটোত পি টি উষাৰ পৰা আৰম্ভ কৰি স্মৃতি জুবিন ইৰাণী, নিৰ্মলা সীতাৰমণ সকলোকে দেখা গৈছে। বিলখন পাছ হোৱাৰ পাছতে স্মৃতি ইৰাণীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ ফুলৰ তোৰাৰে অভিনন্দন জনাইছে।

এই ফটোখন প্ৰধানমন্ত্ৰী মোডীয়ে এক্সৰ জৰিয়তে প্ৰচাৰ কৰি লিখিছে- নাৰী শক্তি বন্দন অভিযানৰ মাধ্যমেৰে আৰু উজ্জ্বল ভৱিষ্যতৰ দিশে আগবাঢ়ি যাব ভাৰত। ইফালে ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে মধ্যৰাতি ভাৰতে ইতিহাস ৰচনা কৰিছে বুলি উল্লেখ কৰি কয়, ৩০ বছৰ ধৰি চেষ্টা কৰিও কোনেও যি কৰিব নোৱাৰিলে, আজি প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত সেয়া সম্ভৱ হৈ উঠিছে। বিশ্বৰ অনেক দেশেত মহিলাৰ বাবে এনে নিয়ম নাই। মধ্যৰাতি ইতিহাস গঢ়িছে ভাৰতে।

Also Read: বিনা বাধাই ৰাজ্যসভাত গৃহীত হ'ল মহিলা সংৰক্ষণ বিধেয়ক...

নৰেন্দ্ৰ মোডী মহিলা সংৰক্ষণ বিল