ডিজিটেল ডেস্কঃ শুকুৰবাৰে চাংসাৰিত উপস্থিত হৈ এইমছ উদ্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে। অসমীয়াতে ভাষণৰ আৰম্ভণি কৰে মোডীয়ে। মা কামাখ্যাৰ স্মৰণ কৰি সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই প্রধানমন্ত্রীয়ে।
বিশাল জনসভা সম্বোধন কৰি মোডীয়ে কয় যে, উত্তৰ-পূৱবাসীয়ে প্রথমবাৰলৈ নিজৰ এইমছ লাভ কৰিলে। অসমবাসীয়ে নতুনকৈ লাভ কৰিলে ৩খন মেডিকেল কলেজ।আয়ুষ্মাণ কাৰ্ডৰ কামো আজিৰে পৰা আৰম্ভ হ’ল।
যোৱা ৯ বছৰত উত্তৰ-পূবৰ সংযোগ ব্যৱস্থাৰ বহু কাম হৈছে। ৰে’ল আৰু পথ পৰিবহণৰ ক্ষেত্রতো অসমৰ উন্নতি হৈছে বুলি কয় মোডীয়ে।
বিৰোধীক তীব্র সমালোচনা কৰি প্রধানমন্ত্রীয়ে কয় যে যোৱা ৯ বছৰৰ উন্নয়নৰ কথা ক’লে তেওঁলোকৰ সমস্যা হয়। আমি সেৱাৰ ভাৱেৰে কাম কৰি আছো। সেইবাবে উত্তৰ-পূব আমাৰ বাবে আঁতৰত নহয়।
দশক দশক ধৰি উত্তৰ-পূব বহু সমস্যাৰে জৰ্জৰিত আছিল। কিন্তু এতিয়া সমস্যাৰ সমাধান হৈ আহি আছে। দিল্লীৰ এইমছ ৫০ দশকত নিৰ্মাণ কৰা হৈছিল। কিন্তু
কোনেও ভবা নাছিল যে দেশৰ আন প্রান্ততো এইমছ হ’ব লাগে।
আমি ১৫খন নতুন এইমছ নিৰ্মাণৰ কাম আৰম্ভ কৰিছো। গুৱাহাটী এইমছ ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। পূৰ্বে চিকিৎসক আৰু চিকিৎসা সেৱাৰে জড়িত লোকৰ অভাৱ আছিল। যোৱা ৯টা বৰ্ষত ইয়াৰ বাবে যথেষ্ট কাম কৰা হৈছে। যোৱা ৯টা বৰ্ষত ৩০০ নতুন মেডিকেল কলেজ নিৰ্মাণ হৈছে।
তেওঁ কয় যে,উন্নয়নৰ বাঘজৰী আজি উত্তৰ-পূৱবাসীৰ হাতত।উত্তৰ পূৱত যোৱা ৯টা বৰ্ষত দুগুন হৈছে মেডিকেল কলেজৰ নিৰ্মাণ। দৰিদ্র লোকে চিকিৎসা খৰচ বহন কৰাটো বহু কষ্টকৰ। সেয়েহে আমি আয়ুষ্মাণ কাৰ্ড প্রদানৰ চিন্তা কৰিছো। আয়ুষ্মাণ কাৰ্ড, প্রধানমন্ত্রী জন ঔষধি যোজনা দৰিদ্র লোকৰ বাবে।
উল্লেখ্য যে, আজি কেইবাটাও কাৰ্যসূচী হাতত লৈ প্ৰধানমন্ত্ৰী অসমলৈ আহিছে। ইয়াৰ পাছতে মোডী কলাক্ষেত্ৰৰ এক অনুষ্ঠানত ভাগ ল'ব আৰু পৰৱৰ্তী সময়ত তেওঁ সৰুসজাইত বিহুৰ অনুষ্ঠান উপভোগ কৰিব।
Also Read: ১১২৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণঃ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন এইমছ উদ্বোধন মোডীৰ