ডিজিটেল ডেস্কঃ দীপাৱলীৰ দিনটোতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমাণত্মক হৈ উঠিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত কংগ্ৰেছৰ প্ৰতিশ্ৰুতিসমূহক ভুৱা প্ৰতিশ্ৰুতি আখ্যা দিয়াৰ লগতে কংগ্ৰেছ শাসিত ৰাজ্যৰ দুৰ্বল অৰ্থনীতি আৰু বিদ্যমান আঁচনিসমূহ অক্ষম হোৱা বুলিও অভিযোগ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত #FakePromisesOfCongress লিখি এক্সত কংগ্ৰেছক এইদৰে আক্ৰমণ কৰাৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ হোৱাৰ সময়তে মোডীৰ এনে আক্ৰমণাত্মক কটাক্ষ আৰু সমালোচনাক কংগ্ৰেছে কিদৰে প্ৰত্যুত্তৰ দিয়ে সেয়া হ'ব লক্ষ্যণীয়।
প্ৰধানমন্ত্ৰী মোডীয়ে এক্সত লিখিছে- কংগ্ৰেছ দলে কঠোৰ ভাৱে উপলব্ধি কৰিছে যে, অবাস্তৱ প্ৰতিশ্ৰুতি দিয়াটো সহজ, কিন্তু সেইবোৰ কাৰ্যকৰী কৰা কঠিন বা অসম্ভৱ। প্ৰচাৰৰ পিছত প্ৰচাৰৰ জৰিয়তে তেওঁলোকে কাৰ্যকৰী কৰিবলৈ অসম্ভৱ বুলি জানিও এই প্ৰতিশ্ৰুতিসমূহ ৰাইজক প্ৰদান কৰে। এতিয়া তেওঁলোক ৰাইজৰ সন্মুখত বেয়াকৈ ওলাই পৰিছে।
আজি, কংগ্ৰেছ চৰকাৰ শাসনত থকা ৰাজ্য হিমাচল প্ৰদেশ, কৰ্ণাটক আৰু তেলেংগানাৰ উন্নয়ন আৰু অৰ্থনৈতিক অৱস্থাৰ দিশ দিনক দিনে অৱনতি হৈ আহিছে। তেওঁলোকৰ তথাকথিত গেৰাণ্টি বোৰ অসম্পূৰ্ণ হৈ আছে। এয়া হৈছে এই ৰাজ্যসমূহৰ লোকসকলৰ প্ৰতি এক ডাঙৰ বিশ্বাসঘাতকতা।
এনে ৰাজনীতিৰ ভুক্তভোগী হৈছে দৰিদ্ৰ, যুৱ, কৃষক আৰু মহিলাসকল। তেওঁলোকক কেৱল কংগ্ৰেছে দিয়া প্ৰতিশ্ৰুতিৰ লাভালাভৰ পৰাই বঞ্চিত কৰা হোৱা নাই বৰঞ্চ তেওঁলোকৰ বিদ্যমান আঁচনিবোৰো দুৰ্বল হৈ পৰিছে।
কৰ্ণাটকত, কংগ্ৰেছে উন্নয়নৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে আন্তঃদলীয় ৰাজনীতি আৰু লুণ্ঠনত ব্যস্ত হৈ আছে। কেৱল এয়াই নহয়, তেওঁলোকে বিদ্যমান আঁচনিবোৰো উঠাই লবলৈ আগবাঢ়িছে। হিমাচল প্ৰদেশৰ চৰকাৰী কৰ্মীসকলে সময়মতে দৰমহা পোৱা নাই। তেলেংগানাৰ কৃষকসকলে ৰেহাইৰ বাবে অপেক্ষা কৰি আছে। ইয়াৰ আগতে, ছত্তীশগড় আৰু ৰাজস্থানত, তেওঁলোকে কিছুমান ভাট্টাৰ প্ৰতিশ্ৰুতি দিছিল। যিবোৰ কেতিয়াও পাঁচ বছৰৰ বাবে কাৰ্যকৰী নহ'ল। কংগ্ৰেছৰ কাম-কাজৰ এনে বহু উদাহৰণ আছে।
দেশৰ জনসাধাৰণে কংগ্ৰেছৰ দ্বাৰা বিয়পাই দিয়া মিছা প্ৰতিশ্ৰুতিৰ সংস্কৃতিৰ প্ৰতি সতৰ্ক হ'ব লাগিব। আমি শেহতীয়াকৈ দেখিছো যে হাৰিয়ানাৰ লোকসকলে কংগ্ৰেছৰ মিছা প্ৰতিশ্ৰুতিক অস্বীকাৰ কৰিছে। এক স্থিৰ, প্ৰগতিশীল আৰু কাৰ্যকৰী চৰকাৰক অগ্ৰাধিকাৰ দিছে। সমগ্ৰ ভাৰতে বুজি উঠিছে যে কংগ্ৰেছক ভোট দিয়াৰ অৰ্থ হৈছে অপশাসন, বেয়া অৰ্থনীতি আৰু অভূতপূৰ্ব লুণ্ঠনৰ বাবে ভোট দিয়া। ভাৰতৰ জনসাধাৰণে উন্নয়ন আৰু প্ৰগতি বিচাৰে, একে পুৰণি ভুৱা প্ৰতিশ্ৰুতি নিবিচাৰে।
The Congress Party is realising the hard way that making unreal promises is easy but implementing them properly is tough or impossible. Campaign after campaign they promise things to the people, which they also know they will never be able to deliver. Now, they stand badly…
— Narendra Modi (@narendramodi) November 1, 2024
Also Read: চিদলীৰ উপ-নিৰ্বাচনত সংখ্যালঘু ভোটাৰক লৈ UPPL-BPFৰ মাজত টনা আঁজোৰা...