মণিপুৰৰ ডেৰ বছৰীয়া সংঘৰ্ষঃ এন বীৰেন সিঙেৰে মোডীৰ ২০ মিনিটৰ বৈঠক...

দিল্লীত গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীৰ উপস্থিতি এই বৈঠক
মণিপুৰৰ ডেৰ বছৰীয়া সংঘৰ্ষঃ এন বীৰেন সিঙেৰে মোডীৰ ২০ মিনিটৰ বৈঠক...
মণিপুৰৰ ডেৰ বছৰীয়া সংঘৰ্ষঃ এন বীৰেন সিঙেৰে মোডীৰ ২০ মিনিটৰ বৈঠক...
Published on
Updated on

ডিজিটেল ডেস্কঃ মণিপুৰৰ সংঘৰ্ষৰ প্ৰায় ডেৰ বছৰেই হ'ল। এই ডেৰ বছৰ সংঘৰ্ষত ৰাজ্যখনত মৃত্যু হৈছে ২২৫ জন লোকৰ। গৃহহীন হৈছে প্ৰায় ৫০ হাজাৰ লোক। জ্বলি ছায় হ'ল হাজাৰ হাজাৰ ঘৰ। এতিয়াও অব্যাহত আছে সংঘৰ্ষ। কেতিয়া কাৰ ঘৰ জ্বলে, কোনে গাওঁ জ্বলাই শেষ কৰে অথবা ক'ৰ পৰা, কোনে, কাক গুলীয়াই হত্যা কৰে তাৰ কোনো নিশ্চয়তা নাই।

এনে ভয়াবহ গোষ্ঠীগত সংঘৰ্ষৰ মাজতে আকৌ কেন্দ্ৰত গঠন হ'ল নতুন চৰকাৰ। নতুন চৰকাৰ গঠন হ'লেও নেতৃত্বত একেখিনিয়েই মানুহ। একেজন প্ৰধানমন্ত্ৰী, একেজন গৃহমন্ত্ৰী। এই নতুন চৰকাৰত বিজেপিয়ে কেৱল হেৰুৱালে সংখ্যাগৰিষ্ঠতা। সেইদৰেই নিৰ্বাচনত সলনি হ'ল জ্বলন্ত অগ্নিকুণ্ডলৈ পৰিণত হোৱা মণিপুৰৰ দুই সাংসদ।

এই নিৰ্বাচনৰ সময়তো কেন্দ্ৰত শাসনাধীস্ত দলে সম্পূৰ্ণৰূপে একাষৰীয়া কৰিছিল মণিপুৰক। কেৱল মণিপুৰেই নহয়, চুবুৰীয়া নাগালেণ্ডৰ প্ৰচাৰ সভাও নৰেন্দ্ৰ মোডীয়ে বাতিল কৰিছিল একমাত্ৰ মণিপুৰৰ বাবেই।

যিসময়ত মণিপুৰ জ্বলিবলৈ আৰম্ভ কৰিছিল সেই সময়ত মণিপুৰৰ এটা প্ৰতিনিধি দলে দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে গৈছিল। বিদেশ চফৰৰ বাবে সাজু হোৱা মোডীয়ে এই দলটোক সাক্ষাত দিয়াৰ পৰাও বিৰত আছিল।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ ৰখাই দিয়া বুলি দাবী কৰা এইজন প্ৰধানমন্ত্ৰীয়ে মণিপুৰ প্ৰসংগত মাত মতা মানেই স্বদেশৰ গোষ্ঠীগত সংঘৰ্ষক নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিষয়টো বিশ্ব মঞ্চত উন্মোচিত হোৱা। সেয়ে স্বঘোষিত এই বিশ্বগুৰুৱে ইমান দিনে মণিপুৰক লৈ মৌনতা অৱলম্বন কৰিয়েই আহিছে।

আনকি সংসদতো তেওঁ মণিপুৰৰ সন্দৰ্ভত কিবা এটা কোৱাটো দূৰৰে কথা মণিপুৰ শব্দটোকেই ইমান দিনে মুখলৈ অনা নাই। আনকি সংসদত মণিপুৰৰ নৱ নিৰ্বাচিত সাংসদক ভাষণ দিবলৈ সময় দিয়া হৈছে নিশা সংসদ প্ৰায় শূন্য হৈ পৰাৰ সময়ত।

এইদৰেই উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ৰাজ্য মণিপুৰক সংঘৰ্ষৰ মাজতে এৰি দিয়া প্ৰধানমন্ত্ৰী মোডীয়ে অৱশেষত মণিপুৰ বিষয়ত আলোচনা কৰিবলৈ সময় পাইছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে দেওবাৰে দিল্লীত এক বৈঠকত বহিল মোডী।

২০২৩ ৰ মে' মাহৰ পৰা দুই জনগোষ্ঠী কুকি আৰু মেইটেইসকলৰ মাজত সংঘৰ্ষ অব্যাহত আছে যদিও ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰে প্ৰথমবাৰৰ বাবে ২৮ জুলাই ২০২৪ ৰ দেওবাৰে বৈঠকত বহিল প্ৰধানমন্ত্ৰী মোডী। জানিব পৰা মতে মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিক লৈয়ে দুয়োৰে মাজত আলোচনা হৈছে।

দুয়োৰে মাজত ১৫ ৰ পৰা ২০ মিনিট সময় আলোচনা হৈছে। এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত আছিল। অৱশ্যে প্ৰধানমন্ত্ৰী আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো কথাই প্ৰকাশ কৰা হোৱা নাই।

উল্লেখ্য যে, দেওবাৰে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰে বৈঠকত বহিছিল প্ৰধানমন্ত্ৰী মোডী। বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে এই বৈঠক। এইবৈঠকত ভাগ লবলৈয়ে গৈছে বীৰেন সিং। এই বৈঠকত তেওঁ অংশ লোৱাৰ উপৰিও প্ৰধামনমন্ত্ৰী মোডীৰে পৃথকে বৈঠকত বহে।

মণিপুৰৰ ডেৰ বছৰীয়া সংঘৰ্ষঃ এন বীৰেন সিঙেৰে মোডীৰ ২০ মিনিটৰ বৈঠক...
মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশঃ চৰকাৰী মিটিঙত মাছ-মাংসৰ যোগাৰ নকৰিব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in