এন ডি এৰ ত্যাগৰ কথা সুঁৱৰি বিৰোধীক অহংকাৰী আখ্যা প্ৰধানমন্ত্ৰী মোডীৰ

২০২৪ ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত তুলিছে সকলো ৰাজনৈতিক দলে।

author-image
Asomiya Pratidin
New Update
এন ডি এৰ ত্যাগৰ কথা সুঁৱৰি বিৰোধীক অহংকাৰী আখ্যা প্ৰধানমন্ত্ৰী মোডীৰ

এন ডি এৰ ত্যাগৰ কথা সুঁৱৰি বিৰোধীক অহংকাৰী আখ্যা প্ৰধানমন্ত্ৰী মোডীৰ

ডিজিটেল ডেস্কঃ ২০২৪ ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত তুলিছে সকলো ৰাজনৈতিক দলে। মোডী চৰকাৰৰ দশকযোৰা ৰাজত্বৰ অন্ত পেলাবলৈ সাঁজু হৈ উঠিছে বিৰোধীসকলো।

যোৱা মাহত বেংগালুৰুত অনুষ্ঠিত এখন বৈঠকত ২৬টা বিৰোধী দলে গঠন কৰিছিল বিৰোধী মৰ্চা ইণ্ডিয়া। তেওঁলোকে কৈছিল যে ২০২৪ চনৰ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিব বিৰোধীয়ে।

কিন্তু বিৰোধীৰ এই সন্মিলনক অহংকাৰী আখ্যা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।বৃহস্পতিবাৰে বিহাৰত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ সকলো বিৰোধীৰ সৈতে সন্মিলন গঠন কৰি কংগ্ৰেছে নতুন নামেৰে পূৰ্বৰ ক’লা অতীত বগা কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে। নতুন নামটোক ইতিকিং কৰি তেওঁ কয় যে, তেওঁলোকক ইণ্ডিয়া নহয় “ঘমণ্ডীয়া” (হিন্দী ভাষাত যাৰ অৰ্থ অহংকাৰী) বুলিহে কোৱা উচিত।

 প্ৰধানমন্ত্ৰী গৰাকীয়ে বৃহস্পতিবাৰে বিহাৰত এন ডি এ মিত্ৰশক্তিৰ সদস্যসকলৰ লগত মতবিনিময় কৰি জাতিভিত্তিক ৰাজনীতিৰ পৰা ওপৰত উঠি সমগ্ৰ সমাজৰ বাবে কাম কৰিবলৈ পৰামৰ্শ দিয়ে।

যোৱাবছৰ বিজেপিৰ সংগ এৰা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ কথা উল্লেখ কৰি মোডীয়ে কয় যে, তেওঁক মুখ্যমন্ত্ৰীৰ আসন প্ৰদান কৰাতো বিজেপিৰ উদাৰতাৰ নিদৰ্শন। নীতিশ কুমাৰৰ আসন প্ৰয়োজনতকৈ কম আছিল বাবে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নাছিল তথাপিও এখন সুস্থিৰ চৰকাৰৰ স্বাৰ্থত বিজেপিয়ে তেওঁক মুখ্যমন্ত্ৰীৰ আসনত বহুৱাইছিল।মোডীয়ে ইয়াকো এন ডি এৰ ত্যাগৰ নিদৰ্শন বুলি উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে সাংসদসকলক চৰকাৰী আঁচনিসমূহক "এন ডি এ চৰকাৰী আঁচনি" বুলি আখ্যা দি কয় যে, কেৱল এন ডি এয়েহে যে সুস্থিৰ চৰকাৰ প্ৰদান কৰিব পাৰে ।ইয়াৰ লগতে এন ডি এৰ অৱদানৰ প্ৰচাৰৰ বাবে ছ’চিয়েল মিডিয়াত ভিডিঅ’ শ্বেয়াৰ কৰিবলৈও সাংসদসকলক পৰামৰ্শ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে।

narendra modi