ডিজিটেল ডেস্কঃ সংসদত বিৰোধীয়ে উত্থাপন কৰা আনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণ প্ৰদান কৰিছে। ভাষণত তেওঁ কয়, বাৰে বাৰে আমাৰ চৰকাৰৰ প্ৰতি জনতাই আস্থা প্ৰদৰ্শন কৰিছে। আনাস্থা প্ৰস্তাৱ আছলতে বিৰোধীৰহে এছিড টেষ্ট।
মোডীয়ে বিৰোধীক উদ্দেশ্য কৰি কয়, তেওঁলোকৰ বাবে দেশতকৈ দলহে ডাঙৰ। আপোনালোকৰ দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতক লৈ চিন্তা নাই। নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈহে চিন্তা। বিৰোধীয়ে দৰিদ্ৰ জনাতৰ ভোকৰ কথা চিন্তা নকৰে। বিৰোধীৰ এটাই চিন্তা আৰু ভোক সেয়া হ'ল ক্ষমতাৰ ভোক। তেওঁ কয়, যাৰ নিজৰ বহি-কিতাপ নাই তেওঁলোকে আমাৰ হিচাপ লৈছে।
তেওঁ অভিযোগ কৰে বিৰোধীয়ে জনতাক বিশ্বাসঘাটক কৰিছে। আনাস্থা প্ৰস্তাৱত বিৰোধীক কটাক্ষ কৰি কয়, আপোনালোকে কি আলোচনা কৰিলে? সামাজিক মাধ্যমত মই চাইছো আপোনালোকৰ সমৰ্থকো দুখী হৈ আছে। এয়া আপোনালোকৰ অৱস্থা।
এই আনাস্থা প্ৰস্তাৱৰ সন্দৰ্ভত তেওঁ পুনৰ কয়, এই আনাস্থা প্ৰস্তাৱত ফিল্ডিং বিৰোধীয়ে একত্ৰিত কৰিলে কিন্তু ফ'ৰ, ছিক্স এই ফালৰ পৰা আহিল। আৰু আনাস্থা প্ৰস্তাৱত বিৰোধীয়ে ন'বলৰ ওপৰত ন'বল কৰি গৈছে। এই ফালৰ পৰা চেঞ্চুৰীৰ পাছত চেঞ্চুৰী কৰি গৈছে। তেওঁ বিৰোধীক আনাস্থা প্ৰস্তাৱৰ বাবে সাজু হৈ আহিব লাগিছিল বুলিও কটাক্ষ কৰি ক'লে মই আপোনালোকক ৫ বছৰ দিছিলো। অৱশ্যে এই পৰ্যন্ত তেওঁ মণিপুৰ প্ৰসংগত এটাও শব্দ কৰা নাই।
Also Read: ছহিদ কনকলতা বৰুৱা চিভিল হাস্পতালৰ প্ৰসূতি মাতৃক দিয়া খাদ্যত মৃত পঁইতাচোৰা...