মহিলাৰ নিৰ্যাতনৰ কথা ক'বলৈ গৈ সমালোচিত হ'ল প্ৰধানমন্ত্ৰী মোডী...

মহিলাৰ নিৰ্যাতনৰ কথা ক'বলৈ গৈ সমালোচিত হ'ল প্ৰধানমন্ত্ৰী মোডী...
মহিলাৰ নিৰ্যাতনৰ কথা ক'বলৈ গৈ সমালোচিত হ'ল প্ৰধানমন্ত্ৰী মোডী...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজস্থানত মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে সৰৱ হ'বলৈ গৈ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজস্থান ভ্ৰমণলৈ গৈ ৭ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শিলন্যাস কৰাৰ লগতে বিভিন্ন প্ৰকল্প উদ্বোধন কৰিছে।

ইয়াৰ পাছতে এক জনসভাত প্ৰধানমন্ত্ৰী মোডীয়ে অংশগ্ৰহণ কৰি ৰাজস্থানৰ অশোক গেহলট চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয়, দুখেৰে ক'বলগীয়া হৈছে যে, অপৰাধাৰ কথা কলে ৰাজস্থান শীৰ্ষত আহে। অৰাজকতা, সংঘাত, পাথৰবাজিৰ কথা ক'লে ৰাজস্থানৰ বদনাম হয়। মহিলা, দলিত, অনগ্ৰসৰ আদিৰ ওপৰত চলা অত্যাচাৰৰ বিষয়বোৰত আজি ৰাজস্থান সকলোতকৈ বেছি বদনাম হৈছে।

এইদৰেই মোডীয়ে অশোক গেহলট চৰকাৰক সমালোচনা কৰাৰ লগতে মহিলাৰ ওপৰত চলা অত্যাচাৰৰ বিষয় উত্থাপন কৰাৰ লগে লগেই মোডীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব। কংগ্ৰেছ শীৰ্ষ নেতৃত্বই তেওঁক সমালোচনা কৰি কয়, মণিপুৰৰ হিংসা, মহিলাৰ ওপৰত চলা অত্যাচাৰ, মহিলা মল্লযুঁজাৰুৰ ওপৰত চলা যৌন নিৰ্যাতন আদিত নীৰৱ হৈ থকা মোডীয়ে ভোটৰ বাবে নিৰ্লজ্জৰ দৰে অসত্যৰ আশ্ৰয় লৈছে।

কংগ্ৰেছৰ প্ৰধান মুখপাত্ৰ জয়ৰাম ৰমেশে মোডীক সমালোচনা কৰি কয়, প্ৰধানমন্ত্ৰীয়ে মণিপুৰক লৈ এটা শব্দও উচ্চাৰণ কৰা নাই। মহিলা মল্লযুঁজাৰুসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ অভিযোগৰ পাছতো নিজৰ দলৰ সাংসদৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

পদক বিজয়ী মল্লযুঁজাৰুসকলৰ সৈতে দিল্লী আৰক্ষীৰ নিষ্ঠুৰতাক নিন্দা কৰা নাই। কিন্তু নিৰ্বাচন অহাত নিৰ্লজ্জৰ দৰে অসত্য কথা কৈছে। তেওঁ সেইবোৰেই ভালদৰে জানে। জয়ৰাম ৰমেশে মোডীক কটাক্ষ কৰি কয়, আমি ভাবিছিলো অন্তত গান্ধী জয়ন্তীৰ দিনা প্ৰধানমন্ত্ৰীয়ে অসত্য কৈ, তথ্যৰ বিভ্ৰান্তিৰে ৰাজনীতি নকৰিব।

মহিলাৰ নিৰ্যাতনৰ কথা ক'বলৈ গৈ সমালোচিত হ'ল প্ৰধানমন্ত্ৰী মোডী...
ধৰ্ষণৰ অভিযুক্তৰ পিতৃয়ে পুত্ৰৰ বাবে দাবী কৰিলে মৃত্যুদণ্ডৰ, কাইলৈ প্ৰশাসনে ভাঙি দিব বাসগৃহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in