ডিজিটেল ডেস্কঃ ভগৱানে বিচাৰিছে ২০২৪ টো ভাৰতত চৰকাৰ গঠন কৰক এন ডি এয়ে। তাৰ বাবেই বিৰোধীৰ আনাস্থা প্ৰস্তাৱৰ মাধ্যমেৰে এই সুযোগ দিছে আমাক। এই মন্তব্য নৰেন্দ্ৰ মোডীৰ। সমগ্ৰ বিশ্বতে ভাৰত ধন্য হৈছে। সেয়ে কাৰো নজৰ নালাগিবলৈ বিৰোধীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। বিৰোধীয়ে ক’লা কাপোৰ পৰিধান কৰি সংসদলৈ আহি ভাৰতক ক’লা টিকা লগাই দিছে।
বিৰোধীক কটাক্ষ কৰি মোডীয়ে সাংসদসকলক কয়, আপোনালোকক এটা গোপন কথা কও। ঈশ্বৰৰ পৰা এক অদ্ভুত বৰ পাইছে বিৰোধীয়ে। তেওঁলোকে যাৰেই বেয়া হোৱাটো বিচাৰে তেওঁৰেই ভাল হয়।
ইয়াৰ বাবে তেওঁ তিনিটা উদাহৰণো দিয়ে। উদাহৰণ হিচাপে তেওঁ প্ৰতিৰক্ষা বাহিনীৰ হেলিকপ্টাৰ নিৰ্মাতা প্ৰতিষ্ঠান এইছ এ এল, এল আই চি আৰু ২০১৮ চনৰ নিৰ্বাচনৰ কথা উল্লেখ কৰে।
তেওঁ কয়, প্ৰতীৰক্ষা বাহিনীৰ বাবে হেলিকপ্টাৰ তৈয়াৰ কৰা এইছ এ এল বন্ধ কৰি দিয়াৰ ঘোষণা কৰিছিল বিৰোধীয়ে। সেই এইছ এ এলে এতিয়া অধিক উন্নতি কৰি ফুলি উঠিছে।
এল আই চিৰ নাম বেয়া কৰিবলৈ তেওঁলোকে বিভিন্ন কথা কৈছিল। সেই এল আই চিৰো সংকট দূৰ হৈছে। ২০১৮ চনত বিৰোধীয়ে আমাৰ চৰকাৰ খহি পৰিব বুলি কৈছিল। তাৰ পাছতো অধিক ভোট লাভ কৰি আমাৰ চৰকাৰে আকৌ ক্ষমতালৈ আহিল।
কংগ্ৰেছৰ সময়ত ভাৰতৰ অৰ্থনীতি ১১ অথবা ১২ নম্বৰত আছিল। আমাৰ চৰকাৰৰ দিনত বিশ্বৰ শীৰ্ষ ৫ স্থানলৈ ভাৰতক তুলি আনিছো।