হতাশাত ভূগিছে মোডী ! নিজ দলৰে সাংসদৰ দলক নিদিলে সাক্ষাৎ...

হতাশাত ভূগিছে মোডী ! নিজ দলৰে সাংসদৰ দলক নিদিলে সাক্ষাৎ...
হতাশাত ভূগিছে মোডী ! নিজ দলৰে সাংসদৰ দলক নিদিলে সাক্ষাৎ...
Published on
Updated on

ডিজিটেল ডেস্কঃ বাৰে বাৰে বিমুখ হৈছে বিজেপিৰ সাংসদ। প্ৰধানমন্ত্ৰীৰ সাক্ষাৎৰ বাবে হাবাথুৰি খাইছে বিজেপিৰ সাংসদৰ এটা দলে। আদানী প্ৰসংগ আৰু ৰাহুল গান্ধীৰ প্ৰসংগৰে দেশ উত্তাল হৈ থকাৰ সময়তে বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী মোডী।

বিশেষকৈ আদানীৰ কোম্পানীত মৰিচাছৰ এটা কোম্পানীয়ে বিনিয়োগ কৰা ২০ হাজাৰ কোটী টকাক লৈ এতিয়া বিপদত পৰিছে প্ৰধানমন্ত্ৰী মোডী তথা বিজেপি। অভিযোগ অনুসৰি মৰিচাছৰ যিটো কোম্পানীয়ে আদানীৰ কোম্পানীত ধন বিনিয়োগ কৰিছে সেয়া এটা ভুৱা কোম্পানী।

সেয়ে এই ধনৰ প্ৰকৃত উৎস কি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ বাবে বিৰোধীয়ে জইণ্ট পাৰ্লিয়ামেণ্টৰি কমিটী গঠনৰ দাবী কৰি আহিছে যদিও সেয়া হৈ উঠা নাই। এনে প্ৰেক্ষাপটত বিভিন্ন দিশৰ পৰা বিপদৰ সন্মুখীন হোৱা প্ৰধানমন্ত্ৰী মোডীয়ে নিজ দলৰে সাংসদৰ এটা দলক সাক্ষাৎ নিদিয়া বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে, মঙ্গলবাৰে পশ্চিমবংগৰ বিজেপি সাংসদৰ এটা দলে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ কথা আছিল যদিও মোডীয়ে তেওঁলোকক সাক্ষাৎ দিয়াৰ পৰা বিৰত আছে।

এই সাংসদসকলৰ নেতৃত্বত আছিল পশ্চিমবংগৰ বিৰোধী দল নেতা শুভেন্দু অধিকাৰী। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা জনোৱা অনুসৰি বিশেষ কাৰণবশতঃ মোডীয়ে তেওঁলোকক সাক্ষাৎ কৰাৰ পৰা বিৰত আছে।

উল্লেখ্য যে, এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিবলৈ আহি বিমুখ হৈছিল বংগৰ সাংসদৰ এই দলটো। সেয়ে হতাশ হৈ পৰিছে বংগৰ বিজেপি সাংসদসকল।

সাংসদসকলৰ হতাশগ্ৰস্ত অৱস্থাৰ কথা অনুধাৱন কৰিয়েই গৃহমন্ত্ৰী অমিত শ্বাহে আজি তেওঁলোকক নিশা ৯ বজাত সাক্ষাতৰ কথা দিছে। এই সাক্ষাতৰ সময়ছোৱাত পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচন, নিযুক্তি কেলেংকাৰী আৰু আইন শৃংখলাজনিত বিষয় সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে।

সেয়া যিয়েই নহওক, প্ৰধানমন্ত্ৰী মোডীয়ে বিজেপি সাংসদৰ দলটোক বাৰে বাৰে এইদৰে সাক্ষাতৰ পৰা বঞ্চিত কৰা বিষয়টোৱে বিশেষ তাতপৰ্য বহন কৰিছে। বহুতেই ক'ব বিচাৰিছে বংগ বিধান সভা নিৰ্বাচন আৰু পৰৱৰ্তী সময়ৰ উপ-নিৰ্বাচনত বিজেপিৰ পৰাজয় হোৱা বিষয়টোৱে মোডীক অসন্তুষ্ট কৰি ৰাখিছে। সেয়ে তেওঁ এইদৰে নিজ দলেৰে প্ৰতিনিধি দলটোক সাক্ষাতৰ পৰা বঞ্চিত কৰিছে।

হতাশাত ভূগিছে মোডী ! নিজ দলৰে সাংসদৰ দলক নিদিলে সাক্ষাৎ...
নগাঁও জিলাৰ পশ্চিমাঞ্চলত শিলাবৃষ্টিত বিস্তৰ ক্ষতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in