মল্লযুঁজাৰুৰ কাষত কৃষক সংগঠনঃ মহাপঞ্চায়তত নিৰ্ধাৰণ হ'ব পৰৱৰ্তী কাৰ্যসূচী...

মল্লযুঁজাৰুৰ কাষত কৃষক সংগঠনঃ মহাপঞ্চায়তত নিৰ্ধাৰণ হ'ব পৰৱৰ্তী কাৰ্যসূচী...

author-image
Asomiya Pratidin
New Update
মল্লযুঁজাৰুৰ কাষত কৃষক সংগঠনঃ মহাপঞ্চায়তত নিৰ্ধাৰণ হ'ব পৰৱৰ্তী কাৰ্যসূচী...

মল্লযুঁজাৰুৰ কাষত কৃষক সংগঠনঃ মহাপঞ্চায়তত নিৰ্ধাৰণ হ'ব পৰৱৰ্তী কাৰ্যসূচী...

ডিজিটেল ডেস্কঃ ভাৰতীয় মল্লযুঁজ সন্থাৰ সভাপতি ব্ৰীজ ভূষণ সিঙৰ যৌন নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা মল্লযুঁজাৰুসকলৰ কাষত থিয় দিছে কৃষক সংগঠন। তেওঁলোকে আগোৱাই নিব আন্দোলনৰ পৰৱৰ্তী কাৰ্যসূচী।

যন্তৰ-মন্তৰত প্ৰতিবাদ কৰা মল্লযুঁজাৰুসকলক আৰক্ষীয়ে অত্যাচাৰ কৰি চৰম বৰ্বৰতাৰে দিল্লীৰ ৰাজপথত যি পৰিৱেশৰ সূচনা কৰিলে সেই পৰিৱেশ প্ৰত্যক্ষ কৰি সমগ্ৰ দেশত এতিয়া মল্লযুঁজাৰুসকলৰ প্ৰতি সমৰ্থনৰ জোৱাৰ উঠিছে। মঙ্গলবাৰে অলিম্পিকৰ পদকৰ উপৰিও বিশ্ব চেম্পিয়নশ্বিপৰ পদক গংগাত উটুৱাই দিবলৈ যোৱা মল্লযুঁজাৰুসকলক কৃষক নেতা নৰেশ টিকায়েটে সাক্ষাত কৰিছিল।

টিকায়েটে মল্লযুঁজাৰুসকলৰ সৈতে আলোচনা কৰে আৰু তেওঁৰ হস্তক্ষেপত পদকসমূহ নদীত উটুৱাই দিয়াৰ কাৰ্যসূচী স্থগিত ৰাখিবলৈ অনুৰোধ জনায়। সেই অনুৰোধ ৰক্ষা কৰিয়েই সাময়িক ভাৱে সেই কাৰ্যসূচী স্থগিত ৰাখিছে মল্লযুঁজাৰুসকলে।

মঙ্গলবাৰে হৰিদ্বাৰত মল্লযুঁজাৰুসকলৰ ওচৰত থিয় দিয়ে বহু কেইজন কৃষক আৰু ৰাজনৈতিক নেতাই। নৰেশ টিকায়েটে এই আলোচনাৰ মাজতে মল্লযুঁজাৰুসকলৰ পৰা ৫ দিন সময় বিচাৰে।

সেই অনুসৰিই বৃহস্পতিবাৰে মুজ্জাফৰনগৰৰ সোৰাম গাঁৱত এই বিষয়টো সন্দৰ্ভত মহাপঞ্চায়তৰ আয়োজন কৰা হৈছে। এই মহাপঞ্চায়তত সমগ্ৰ বিষয়টো বিতং ভাৱে আলোচনা কৰিব।

ইয়াতেই নিৰ্ধাৰণ হব পৰৱৰ্তী কাৰ্যপন্থা। মহাপঞ্চায়তত অংশগ্ৰহণ কৰিব উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ, ৰাজস্থান, দিল্লী আদিৰ বিভিন্ন খাপ আৰু সেইবোৰৰ মূৰব্বীসকলে।

Also Read: কেতিয়া ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল? শিক্ষামন্ত্ৰীয়ে কৈছিল এইদৰে...

মল্লযুঁজাৰু কৃষক সভা