২৭ ছেপ্টেম্বৰৰ পৰা গুজৰাটত অনুষ্ঠিত হ'ব ৩৬ সংখ্যক নেছনেল গেমছ

প্ৰস্তুতিৰ কথা ঘোষণা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ...

author-image
Asomiya Pratidin
New Update
২৭ ছেপ্টেম্বৰৰ পৰা গুজৰাটত অনুষ্ঠিত হ'ব ৩৬ সংখ্যক নেছনেল গেমছ

ডিজিটেল ডেস্ক : ২৭ ছেপ্টেম্বৰৰ পৰা গুজৰাটত অনুষ্ঠিত হ'ব ৩৬ সংখ্যক নেছনেল গেমছ । এই সন্দৰ্ভত শনিবাৰে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল স্প'ৰ্টছ এনক্লেভত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় বৈঠক । শনিবাৰে আয়োজিত এই বৈঠকত গুজৰাট চৰকাৰৰ যুৱ, ক্ৰীড়া আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ অশ্বিনী কুমাৰে দিয়া ভাষ্য অনুসৰি, ৭৪১৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব এইবাৰৰ নেছনেল গেমছত । ইয়াৰ উপৰিও প্ৰায় ১৪,৫০০ গৰাকী ব্যক্তি জড়িত হৈ আছে এই মহোৎসৱৰ সৈতে ।

আনহাতে, শেহতীয়া 'মন কী বাত'ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এই ক্ৰীড়া মহোৎসৱক লৈ উৎসাহ প্ৰকাশ কৰে । প্ৰধান মন্ত্ৰী গৰাকীয়ে কৰা মন্তব্য অনুসৰি, কোভিডৰ পাছত প্ৰথম বাৰলৈ দেশত অনুষ্ঠিত হ'বলৈ গৈ আছে নেছনেল গেমছ । সেই বাবেই এইবাৰৰ নেছনেল গেমছ বিশেষ সমগ্ৰ দেশৰ বাবে আৰু খেলুৱৈ সকলক উৎসাহ যোগাবলৈ উদ্বোধনী অনুষ্ঠানত প্ৰধান মন্ত্ৰী গৰাকী উপস্থিত থাকিব বুলিও জনায় নৰেন্দ্ৰ মোডীয়ে ।

narendra modi gujrat national games