২০২১ বৰ্ষত দেশত ৪ লাখ পথ দুৰ্ঘটনা, প্ৰতি দিনত মৃত্যু ৩২৬ জনৰ: এনচিআৰবি

বিগত বৰ্ষত ভাৰতবৰ্ষত পথ দুৰ্ঘটনাত ১.৫৫ লাখৰো অধিক লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ অৰ্থ এয়াই যে দৈনিক গড়ে ৩২৬ জন লোকৰ মৃত্যু হয় আৰু প্ৰতি ঘণ্টাত প্ৰায় ১৮ জন লোকৰ মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
২০২১ বৰ্ষত দেশত ৪ লাখ পথ দুৰ্ঘটনা, প্ৰতি দিনত মৃত্যু ৩২৬ জনৰ: এনচিআৰবি

ডিজিটেল ডেস্ক: বিগত বৰ্ষত ভাৰতবৰ্ষত পথ দুৰ্ঘটনাত ১.৫৫ লাখৰো অধিক লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ অৰ্থ এয়াই যে দৈনিক গড়ে ৩২৬ জন লোকৰ মৃত্যু হয় আৰু প্ৰতি ঘণ্টাত প্ৰায় ১৮ জন লোকৰ মৃত্যু হয়। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰৰ ‘ভাৰত-২০২১ত দুৰ্ঘটনাজনিত মৃত্যু আৰু আত্মহত্যা’ শীৰ্ষকৰ অধীনৰ তথ্য অনুসৰি, যোৱা বছৰ সমগ্ৰ দেশত ৪.০৩ লাখ পথ দুৰ্ঘটনাত ৩.৭১ লাখ লোক আহত হৈছিল।


গৃহ মন্ত্ৰালয়ৰ অধীনত থকা এনচিআৰবিৰ প্ৰতিবেদন অনুসৰি, যোৱা বছৰ পথ দুৰ্ঘটনাত সৰ্বাধিক সংখ্যক লোকৰ মৃত্যু হৈছিল। কিন্তু ইয়াৰ আগৰ বছৰবোৰৰ তুলনাত পথ দুৰ্ঘটনা আৰু আঘাতৰ সংখ্যা হ্ৰাস পাইছে।


তথ্যৰ পৰা জানিব পৰা মতে 2021 চনত প্ৰতি হাজাৰ বাহনত মৃত্যুৰ হাৰ আছিল ০.৫৩ শতাংশ, যি ২০২০ চনত ০.৪৫ শতাংশ আৰু ২০১৯ চনত ০.৫২ শতাংশতকৈ অধিক আছিল।

২০২০ চনত দেশত বেছি সময় লকডাউন আছিল। এই সময়চোৱাত দেশত ৩.৪৫ লাখ দুৰ্ঘটনাত ১.৩৩ লাখ লোকৰ মৃত্যু আৰু প্ৰায় ৩.৩৫ শতাংশ লোক আহত হৈছিল।

এন চি আৰ বিৰ প্ৰতিবেদন অনুসৰি সাধাৰণতে পথ দুৰ্ঘটনাত মৃত্যুতকৈ আহত লোকৰ সংখ্যাতকৈ মৃত্যুৰ সংখ্যা কম হয়।

road accident dead injured ncrb