সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ NDA সাংসদসকলে সাক্ষাৎ কৰিলে প্রধানমন্ত্রীক...

বাজেটত অসমৰ বাবে ঘোষণা কৰা বান সাহায্য, ইউনেস্কোৰ বিশ্ব ঐতিহ্যস্থলীৰ তালিকাত চৰাইদেউ মৈদামৰ অন্তর্ভুক্তি, জাগীৰোডৰ ছেমিকণ্ডাক্টৰৰ বাবে জনালে ধন্যবাদ

author-image
Asomiya Pratidin
New Update
সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ NDA সাংসদসকলে সাক্ষাৎ কৰিলে প্রধানমন্ত্রীক...

সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ NDA সাংসদসকলে সাক্ষাৎ কৰিলে প্রধানমন্ত্রীক...

ডিজিটেল সংবাদ নতুন দিল্লীঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীক আজি নতুন দিল্লীত সাক্ষাৎ কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্রী সর্বানন্দ সোণোৱাল আৰু অসমৰ এনডিএৰ সাংসদসকলে। তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী হিচাপে দায়িত্বভাৰ লৈয়েই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ অনিৰুদ্ধ যাত্রাক নৱৰূপ দিয়াৰ বাবে প্রধানমন্ত্রীক সর্বানন্দ সোণোৱাল আৰু অসমৰ এনডিএৰ সাংসদসকলে কৃতজ্ঞতা জ্ঞাপন কৰে।

সর্বানন্দ সোণোৱালে এই সন্দৰ্ভত উল্লেখ কৰে, "মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ এক নতুন যুগৰ সূচনা হৈছে। তেখেতৰ দূৰদৰ্শী দৃষ্টিভংগীৰ বাবেই সমগ্ৰ অঞ্চলটো নতুন ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন আৰু অষ্টলক্ষ্মী হিচাপে উজলি উঠিছে। উত্তৰ-পূৰ্বাঞ্চল দক্ষিণ-পূর্ব এছিয়াৰ উৎপাদন আৰু ব্যৱসায়-বাণিজ্যৰ প্ৰাণকেন্দ্ৰ হোৱাৰ যথেষ্ট থল আছে। গুৱাহাটী ইয়াৰ মুখ্য কেন্দ্ৰবিন্দু হোৱাৰ সম্ভাৱনা আছে।''

তেওঁ কয়, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত-যোগাযোগৰ অভূতপূর্ব উন্নয়ন সাধনৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান স্থাপন কৰাৰ মূলতে হৈছে ভাৰতৰ এই সমগ্ৰ অঞ্চলটোক দক্ষিণ- পূব এছিয়াৰ শক্তিশালী অঞ্চল হিচাপে জিলিকাই তোলাৰ অন্তর্নিহিত পৰিকল্পনা। তদুপৰি অসম তথা উত্তৰ-পূবত স্থায়ী শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰতো মোডী ডাঙৰীয়াৰ ভূমিকা অপৰিসীম। তেখেতৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা দায়বদ্ধতা, সদিচ্ছা আৰু গভীৰ টানৰ বাবেই সমগ্র অঞ্চলটোত সর্বাংগীণ বিকাশ আৰু স্থায়ী শান্তিৰ পথ প্রশস্ত হৈছে। দেশৰ অমৃতকালত মোডী ডাঙৰীয়াৰ দৰে দূৰদৰ্শী আৰু দেশহিতৈষী প্ৰধানমন্ত্ৰীৰ সান্নিধ্য লাভ কৰি আমি অনুপ্রাণিত হৈছোঁ।"

অসমৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ২০২৪-২৫ বৰ্ষৰ বাজেটত ঘোষণা কৰা সাহায্য, ঐতিহ্যমণ্ডিত চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য স্থলীৰ তালিকাত অন্তর্ভুক্ত হোৱা, জাগীৰোডত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম অর্ধপৰিবাহী (ছেমিকণ্ডাক্টৰ) প্রকল্প নিৰ্মাণৰ শুভাৰম্ভণি, অতি গুৰুত্বপূৰ্ণ গুৱাহাটী ৰিং ৰোডৰ অনুমোদনৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবেও উত্তৰ-পূৰ্বাঞ্চলবাসীৰ হৈ প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Also Read: পূৱ দলনীজুৰীয়া মোক্তাব বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধানশিক্ষক ইউনুছ আলী খন্দকাৰৰ বিদায় সম্বৰ্ধনা সম্পন্ন

নৰেন্দ্ৰ মোডী সৰ্বানন্দ সোণোৱাল