NEET-UG ৰ শিক্ষাৰ্থীয়ে পাবনে ন্যায়? NTA ৰ বিসংগতিৰ বাবেই আকৌ হ'ব অন্যায়...

১৫৬৩ গৰাকী পৰীক্ষাৰ্থীয়ে পাব দ্বিতীয় সুযোগ
NEET-UG ৰ শিক্ষাৰ্থীয়ে পাবনে ন্যায়? NTA ৰ বিসংগতিৰ বাবেই আকৌ হ'ব অন্যায়...
NEET-UG ৰ শিক্ষাৰ্থীয়ে পাবনে ন্যায়? NTA ৰ বিসংগতিৰ বাবেই আকৌ হ'ব অন্যায়...
Published on
Updated on

ডিজিটেল ডেস্কঃ শিক্ষাৰ্থীক মানসিক চাপৰ পৰা কোনো কাৰণতে মুক্ত কৰাৰ চিন্তা নাই ভাৰতীয় শিক্ষা ব্যৱস্থাৰ। মানসিক চাপ সহ্য কৰিব নোৱাৰি দেশত প্ৰায় প্ৰতি সপ্তাহেই এজনৰ পাছত এজনকৈ শিক্ষাৰ্থীয়ে আত্মহত্যাৰ পথ বাচি লৈছে যদিও শিক্ষা বিভাগ, এই বিভাগটোৰ সৈতে জড়িত হৈ থকা সংস্থাসমূহ, সংশ্লিষ্ট বিষয়াসকলৰ যেন কোনো দায়িত্ববোধ নাই।

এইসকলৰ মূল কামেই হৈছে শিক্ষাৰ্থীৰ মানসিক চাপ বৃদ্ধি কৰা। সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা NEET-UG ৰ পৰীক্ষাক কেন্দ্ৰ কৰি শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতিয়ে পুনৰ সেই কথাকেই প্ৰমাণ কৰিছে।

পুনৰ অনুষ্ঠিত হ’ব NEET-UG

আজি দেশৰ উচ্চতম ন্যয়ালয়ত NEET-UG ৰ খেলিমেলিৰ বিৰুদ্ধে হোৱা শুনানিৰ সময়ত নেচনেল টেষ্টিং এজেঞ্চি চমুকৈ এন টি এয়ে অৱগত কৰিছে যি ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীক গ্ৰেছ মাৰ্ক দিয়া হৈছিল সেইসকলৰ পৰা সেই গ্ৰেছ মাৰ্ক প্ৰত্যাহাৰ কৰিব। ইয়াৰ পৰিৱৰ্তে এইসকল পৰীক্ষাৰ্থীৰ বাবে পুনৰ অনুষ্ঠিত কৰিব পৰীক্ষা।

এন টি এয়ে জনোৱা অনুসৰি অহা ২৩ জুনত এই শিক্ষাৰ্থীসকলৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব ৩০ জুনত।

NTA ৰ এই সিদ্ধান্তও বিভ্ৰান্তিকৰ

এন টি এৰ এই সিদ্ধান্তত এতিয়া পুনৰ উত্থাপিত হৈছে বহু কেইটা প্ৰশ্ন। সমান্তৰালকৈ প্ৰশ্ন উঠিছে কাৰ উৰ্বৰ মস্তিষ্কৰ ফচল আছিল NEET-UG ত এই গ্ৰেছ মাৰ্কৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত? এই এটা সিদ্ধান্তৰ বাবেই এতিয়া মানসিক চাপত পৰি দিশহাৰা হৈছে দেশৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী।

পুনৰ NEET-UG পৰীক্ষা অনুষ্ঠিত কৰা বিষয়টোৱে এফালে যিদৰে গ্ৰেছ মাৰ্ক লাভ কৰা পৰীক্ষাৰ্থীৰ বাবে এক নতুন সুযোগ কঢ়িয়াই আনিছে সেইদৰেই যিসকল শিক্ষাৰ্থীয়ে সময়মতেই পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ পৰীক্ষাত বহিছিল তেওঁলোকক চিন্তিত কৰি তুলিছে। প্ৰশ্ন উঠিছে কি ভুল আছিল এইসকল শিক্ষাৰ্থীৰ?

পৰীক্ষাত বহাৰ দ্বিতীয় সুযোগ লাভ কৰিব কেৱল ১৫৬৩ গৰাকী শিক্ষাৰ্থীয়ে। যদিহে এইসকল শিক্ষাৰ্থীয়ে এই পৰীক্ষাত বহি পূৰ্বতকৈ অধিক নম্বৰ লাভ কৰে তেন্তে বাকীসকলৰ শিক্ষাৰ্থীৰ ৰেংকিঙত প্ৰভাৱ নপৰিবনে?

যদি দ্বিতীয়বাৰৰ বাবে পৰীক্ষাত বহি অধিক নম্বৰ লাভ কৰি এইসকলৰ ৰেংকিঙো উন্নীত হয় তেন্তে বাকীসকল শিক্ষাৰ্থীৰ লগত কেনেকৈ ন্যায় কৰা হ’ব? এনে পৰিস্থিতিৰ উদ্ভৱ হ’লে এন টি এয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়ে এতিয়াও কোনো ব্যৱস্থাৰ কথা স্পষ্ট কৰা হোৱা নাই।

NTA ৰ ল’ৰা ধেমালিত হতাশাত ভূগিছে শিক্ষাৰ্থী

এন টি এৰ এনেধৰণৰ বিভ্ৰান্তিমূলক সিদ্ধান্তত যিসকল শিক্ষাৰ্থীয়ে কোনো সমস্যা অবিহনে উত্তীৰ্ণ হৈছিল তেওঁলোকৰ বাবেও কঢ়িয়াই আনিছে অনিচ্ছয়তা। এন টি এৰ এনে বিভ্ৰান্তিমূলক সিদ্ধান্তত অতিষ্ঠ শিক্ষাৰ্থীয়ে মুকলিকৈয়ে গোটেই ব্যৱস্থাটোকে সমালোচনা কৰিছে।

শিক্ষাৰ্থীসকলে স্পষ্টকৈ প্ৰশ্ন কৰিছে আপোনালোকে গ্ৰেছ মাৰ্ক দিয়াৰ এই সিদ্ধান্ত লৈছিল কিয়? এই সিদ্ধান্তই কিমান জটিলতাৰ সৃষ্টি কৰিব সেই বিষয়ে পূৰ্বেই চিন্তা কৰিব লাগিছিল।

যিসকল পৰীক্ষাৰ্থীয়ে পলমকৈ পৰীক্ষাত বহিছিল তেওঁলোকক এইদৰে গ্ৰেছ মাৰ্ক দিবলৈ গৈ যিসকলে সময়মতেই সকলো নীতি, নিয়ম পালন কৰি পৰীক্ষাত বহিছিল তেওঁলোকৰ সৈতে কিয় অন্যায় কৰিছে?  

বিসংগতি মূলক প্ৰশ্নৰ নম্বৰ দিয়াটো অন্যায়ৰ অভিযোগ

এইবাৰ অনুষ্ঠিত হোৱা NEET-UG পৰীক্ষাই বিতৰ্কৰ সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিছে। পৰীক্ষাত ফিজিক্সৰ এটা প্ৰশ্নক লৈয়ো সৃষ্টি হৈছিল বিতৰ্ক। বহু বিকল্পী এই প্ৰশ্নটোৰ বিপৰীতে ৪ টা বিকল্প আছিল।

এন টি এয়ে প্ৰকাশ কৰা প্ৰাৰম্ভিক 'এনছাৰ কী'ত যিটো বিকল্পক শুদ্ধ বুলি দেখুওৱা হৈছিল তাৰ বিপৰীতে এন চি ই আৰ টিৰ পুৰণি কিতাপ অনুসৰি আন এটা বিকল্পহে শুদ্ধ আছিল। শিক্ষাৰ্থীয়ে এই বিষয়টো তুলি ধৰাত এন টি এয়ে এই প্ৰশ্নটোৰ বিভ্ৰান্তি দূৰ কৰাৰ বাবে দুয়োটা উত্তৰকে শুদ্ধ বুলি নিৰ্ধাৰণ কৰি দুয়োটা বিকল্পৰ বাবে নম্বৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কিন্তু পৰৱৰ্তী সময়ত দেখা গ’ল যিসকলে এই প্ৰশ্নৰ উত্তৰ নকৰাকৈ থাকিল তেওঁলোককো ইয়াৰ বাবে ৪ নম্বৰ দিয়াৰ ব্যৱস্থা কৰা হ’ল। এন টি এৰ এই সিদ্ধান্তয়ো অসন্তুষ্ট কৰিছে শিক্ষাৰ্থীক। অৰ্থাৎ যদি কোনো শিক্ষাৰ্থীয়ে এই প্ৰশ্নৰ উত্তৰ নজনাকৈয়ে এৰি আহিছিল তেওঁৱো অতিৰিক্ত ৪ নম্বৰ লাভ কৰিলে।

শিক্ষাৰ্থীৰ প্ৰশ্নৰ কিয় মৌন হৈ আছিল এন টি এ?

এন টি এয়ে ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ বাবে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা বিষয়টোত এগৰাকী শিক্ষাৰ্থীয়ে এন ডি টি ভিৰ আগত আপত্তি দৰ্শাই কয়, এন টি এয় ১৫৬৩ জন শিক্ষাৰ্থীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা কৈছে। তেওঁলোকৰ যুক্তি এই শিক্ষাৰ্থীসকলে অধিক পঢ়িছে।

কিন্তু প্ৰশ্ন হ’ল কেৱল ৬৫০ তকৈ অধিক নম্বৰ পোৱা শিক্ষাৰ্থীসকলেহে অধিক অধ্যয়ন কৰিছে নেকি? যোৱা বছৰলৈকে মাত্ৰ কেই হাজাৰমান শিক্ষাৰ্থীয়েহে ইমান নম্বৰ পাইছিল। এইবছৰ ইমান নম্বৰ পোৱা শিক্ষাৰ্থীৰ সংখ্যা ৩০ হাজাৰলৈ বৃদ্ধি পাইছে।

ৰাহুল নামৰ এই শিক্ষাৰ্থীজনে পুনৰ কয় যে, গ্ৰেছ মাৰ্কৰ বাবেই এই গোটেই খেলিমেলিৰ সৃষ্টি হৈছে। আমি পূৰ্বে বাৰে বাৰে সুধিছিলো আকৌ পৰীক্ষা অনুষ্ঠিত কৰিব নেকি? সেই সময়ত আপোনালোকে কোনো উত্তৰ নিদিলে। এতিয়া ১৫৬৩ গৰাকী শিক্ষাৰ্থীৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ওলাইছে।

বিদ্যা নামৰ আন এগৰাকী শিক্ষাৰ্থীয়ে কৈছে, মই বহুদিনৰ পৰা এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিলোঁ। আশা কৰিছিলো এইবাৰ ভাল নম্বৰ লাভ কৰি উত্তীৰ্ণ হম। মই নিজা কষ্টৰে ভাল নম্বৰ বাৰু লাভ কৰিলোঁ কিন্তু আপোনালোকে একাংশ শিক্ষাৰ্থীৰ ভুলৰ বাবে 'চিষ্টেম'ৰ ভুলৰ বাবে তেওঁলোকক দ্বিতীয়বাৰৰ বাবে সুযোগ দিব ওলাইছে। ইয়াৰ ফলত আমাৰ ৰেংকিঙত প্ৰভাৱ নপৰিবনে?

NEET-UG ৰ শিক্ষাৰ্থীয়ে পাবনে ন্যায়? NTA ৰ বিসংগতিৰ বাবেই আকৌ হ'ব অন্যায়...
বাতিল কৰা হ'ল NEET-UG পৰীক্ষাত দিয়া গ্ৰেছ মাৰ্কঃ উচ্চতম ন্যায়ালয়ত জনালে NTAয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in