মোডী, শ্বাহ, নড্ডাৰ উপস্থিতিত অন্ধ্ৰপ্ৰদেশ, উৰিষ্যাৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ

উৰিষ্যাত মোহন চৰণ মাঝি, অন্ধ্ৰপ্ৰদেশত চন্দ্ৰবাবু নাইডুৰ শপতগ্ৰহণ
মোডী, শ্বাহ, নড্ডাৰ উপস্থিতিত অন্ধ্ৰপ্ৰদেশ, উৰিষ্যাৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ
মোডী, শ্বাহ, নড্ডাৰ উপস্থিতিত অন্ধ্ৰপ্ৰদেশ, উৰিষ্যাৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ
Published on
Updated on

ডিজিটেল ডেস্কঃ ইতিহাস সৃষ্টি কৰি আজি উৰিষ্যাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে মোহন চৰণ মাঝিয়ে। ২৪ বছৰীয়া বিজু জনতা দলৰ চৰকাৰক আঁতৰাই প্ৰথমবাৰৰ বাবে ৰাজ্যখনলৈ ক্ষমতালৈ আহিছে বিজেপি।

সেয়ে আজিৰ এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰিও কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জেপি নড্ডাকে প্ৰমুখ্য কৰি জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। ইয়াৰোপৰি উপস্থিত থাকে সদ্য বিদায়ী মুখ্যমন্ত্ৰী নবীন পাটনায়কো, বিজেপি শাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী।

এই শপত গ্ৰহণ অনুষ্ঠানতে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে কনক বৰ্ধন সিং আৰু প্ৰভাতী পাৰিদাই। আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত মুঠ ১৩ জন মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে।  

ইফালে অন্ধ্ৰপ্ৰদেশতো আজি অনুষ্ঠিত হয় এন ডি এ চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান। ৰাজ্যখনত অভিলেখ সংখ্যক চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে এন ডি এৰ সহযোগী দল তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে।

উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে জনসেনা দলৰ মুৰব্বী তথা অভিনেতা পৱন কল্যাণে। এই দুই নেতাৰ উপৰিও আন ২২ জন বিধায়কে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে আজিৰ এই অনুষ্ঠানত।

এই তালিকাত আছে চন্দ্ৰবাবু নাইডুৰ পুত্ৰ নাৰা লোকেশো। নাইডুৰ মন্ত্ৰীসভাত জনসেনা পাৰ্টিৰ ৩ জন বিধায়কে স্থান লাভ কৰিছে। সেইদৰে বিজেপিৰ বিধায়ক সত্যকুমাৰ যাদৱেও স্থান লাভ কৰিছে।

অন্ধ্ৰপ্ৰদেশৰ এই শপতগ্ৰহণ অনুষ্ঠানতো উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জেপি নড্ডা। এইসকল নেতাৰ উপৰিও আছিল অভিনেতা ৰজনীকান্ত, চিৰঞ্জীৱি।

উল্লেখ্য যে, এইবাৰ অন্ধ্ৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত জগমোহন ৰেড্ডীৰ ৱাই এছ আৰ কংগ্ৰেছক পৰাস্ত কৰিছে টিডিপি, জনসেনা আৰু বিজেপি মিত্ৰজোঁটে। ১৯৯৫ চনৰ পৰা ২০০৪ চনলৈকে অবিভক্ত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে আছিল চন্দ্ৰবাবু নাইডু।

২০১৪ ত তেওঁ বিভাজিত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল। ২০১৯ ৰ নিৰ্বাচনত তেওঁৰ দল পৰাস্ত হয়। সেইবাৰ তেওঁ তৃতীয় মৰ্চা গঢ়ি তোলাৰ চেষ্টা কৰিও ব্যৰ্থ হয়। ক্ষমতালৈ আহে জগমোহন ৰেড্ডীৰ ৱাই এছ আৰ কংগ্ৰেছ।

এইবাৰ তেওঁ পুনৰ হেৰুওৱা ক্ষমতা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ মুঠ ১৭৫ খন আসনৰ ভিতপত তেলেগু দেশম পাৰ্টিয়ে অকলেই লাভ কৰিছে ১৩৫ খন আসন। জনসেনা পাৰ্টিয়ে লাভ কৰিছে ২১ খন আৰু বিজেপিয়ে লাভ কৰিছে ৮ খন আসন।

মোডী, শ্বাহ, নড্ডাৰ উপস্থিতিত অন্ধ্ৰপ্ৰদেশ, উৰিষ্যাৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ
উৰিষ্যাত প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰঃ বুধবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব মোহন চৰণ মাঝিয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in