জম্মু-কাশ্মীৰৰ ৫ স্থানত নিয়াৰ অভিযান

জম্মু-কাশ্মীৰৰ ৫ স্থানত নিয়াৰ অভিযান
Published on
Updated on

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ তালাচী অভিযান। মঙলবাৰে ৰাজ্যখনৰ ৫টাকৈ স্থানত নিয়াই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সাম্ভাৱ্য আশ্ৰয় শিবিৰত অভিযান চলায়।

ৰাজ্যখনত নতুনকৈ গঠন হোৱা কেতবোৰ সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে দক্ষিণ কাশ্মীৰৰ তুৰ্কাৱাংগাম আৰু কাপ্ৰান গাঁৱকে ধৰি ৫স্থানত চলা নিয়াৰ এই অভিযানত বহু আপত্তিজনক তথ্য আৰু ডিজিটেল সামগ্ৰী উদ্ধাৰ কৰে।

এই সমূহ সন্ত্ৰাসবাদী সংগঠনে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লাছখাৰ-ই-তৈবা (এলইটি), জৈশ-ই-মহম্মদ (জেইএম), হিজব-উল-মুজাহিদীন (এইচএম) আৰু আল-বদৰ আদিৰ সৈতে বিভিন্ন সময়ত সহযোগিতা কৰাৰ সন্দেহত নিয়াই উক্ত অভিযান চলায়। উল্লেখ্য যে,জম্মু-কাশ্মীৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সহায়ত নিয়াৰ চোৰাংচোৱাই এই অভিযানত চলায়।

জম্মু-কাশ্মীৰৰ ৫ স্থানত নিয়াৰ অভিযান
শুল্ক বিভাগৰ অভিযানত জব্দ বাঘৰ ছাল আৰু হাড়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in