ডিজিটেল ডেস্কঃ কংগ্ৰেছত যোগদান কৰাতকৈ মৰি যোৱাই ভাল। এই তীক্ষ্ণ আৰু বিতৰ্কিত মন্তব্য কৰিছে বিজেপিৰ পূৰ্বৰ সভাপতি তথা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। কেৱল সেয়াই নহয় তেওঁক বহু কেইবাৰ কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ দিয়া হৈছে।
কিন্ত তেওঁ সেই ফান্দত ভৰি দিয়া নাই। ইয়াৰ উপৰিও তেওঁ কয়, বিগত ৯ বছৰত নৰেন্দ্ৰ মোডী চৰকাৰে কংগ্ৰেছৰ ৬০ বছৰীয়া চৰকাৰক অতিক্ৰম কৰিছে। কিন্তু গাডকাৰীৰ এই মন্তব্যই এতিয়া তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে।
শুকুৰবাৰে মহাৰাষ্ট্ৰত এখন জনসভাত বিজেপি চৰকাৰৰ ৯ বছৰীয়া বৰ্ষৰপূৰ্তি উপলক্ষে তেওঁ ভাষণ প্ৰদান কৰিছিল। সেই ভাষণতেই তেওঁ এই বিতৰ্কিত মন্তব্য কৰিছে। সভাত তেওঁ কংগ্ৰেছ নেতা শ্ৰীকান্ত জিছকৰৰ প্ৰসংগ টানি আনি কয়, এবাৰ জিছকৰে তেওঁক কৈছিল যে, আপুনি বৰ ভাল নেতা। যদি কংগ্ৰেছত যোগদান কৰে ভৱিষ্যত উজ্জ্বল হ’ব।
ইয়াৰোপৰি তেওঁ কয়, মই এই প্ৰশ্নৰ উত্তৰত কওঁ, কংগ্ৰছেত যোগদান কৰাতকৈ কোঁৱাত জাপ দি মৰাই ভাল। ইয়াৰ কাৰণ ব্যাখ্যা কৰি কয়, তেওঁ বিজেপিৰ আদৰ্শত বিশ্বাসী কৰে। এই দলৰ হৈয়ে তেওঁ কাম কৰি যাবলৈ বিচাৰে।
কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীৰ ভাষণত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ প্ৰসংগও স্থান লাভ কৰে। তেওঁ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বে এ বি ভি পিৰ হৈ কাম কৰাৰ কথাও উল্লেখ কৰে।
তেওঁ এই ভাষণত বাৰে বাৰে কংগ্ৰেছৰ হাড় ভঙাৰ কথা উল্লেখ কৰি কয়, আমি দেশৰ ইতিহাস পাহৰি যাওঁ। আমি অতীতৰ পৰা শিকিব লাগে। ইন্দীৰা গান্ধীৰ চৰকাৰে দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূলৰ কথা শ্ল’গান দিছিল।
কিন্তু তেওঁলোকৰ নিজৰ স্বাৰ্থত শিক্ষানুষ্ঠানসমূহ ব্যৱহাৰ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাতত দেশৰ ভৱিষ্যত উজ্জ্বল বুলি দাবী কৰি তেওঁ কয়, বিগত ৯ বছৰত বিজেপি চৰকাৰে যি কৰিছে কংগ্ৰেছে ৬০ বছৰত তাৰ আধাও কৰিব পৰা নাই। তেওঁ দাবী কৰে বিজেপিৰ শাসনত উত্তৰ প্ৰদেশৰ ৰাজপথ এতিয়া আমেৰিকাৰ ৰাজপথৰ লগত তুলনা আৰম্ভ হৈছে।
Also Read: বিশিষ্ট লেখক, লোক সংস্কৃতিৰ সাধক গণেশ পেগু আৰু নাই...