ডিজিটেল ডেস্কঃ ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ সমান্তৰালকৈ দেশৰ কেইবাখনো ৰাজ্যত আজি অনুষ্ঠিত হোৱা উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ হেলিকপ্টাৰত তালাচী চলোৱা বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শিৱসেনা (UBT)ৰ প্ৰধান উদ্ধৱ ঠাকৰেৰ বেগ তালাচীক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে মঙ্গলবাৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ হেলিকপ্টাৰত তালাচী কৰে নিৰ্বাচন আয়োগৰ এটা দলে।
মঙ্গলবাৰে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে গাডকাৰী লাতুৰৰ এখন নিৰ্বাচনী সভালৈ যাত্ৰাৰ কৰাৰ সময়তে তেওঁৰ হেলিকপ্টাৰত তালাচী চলোৱা হয়। ইয়াৰ কেইবাটাও ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
এই ভিডিঅ’ত দেখা পোৱা গৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰত তালাচী চলাইছে কেইবাজনো বিষয়াই। তালাচী অন্ত পৰাৰ পাছত হেলিকপ্টাৰৰ পৰা কেইবাটাও বেগ লৈ নিৰ্বাচনী আয়োগৰ দলটো নামি যোৱা পৰিলক্ষিত হৈছে।
এই প্ৰসংগত নিৰ্বাচন আয়োগে জনোৱা অনুসৰি নিৰ্বাচনী আচৰণবিধি অনুসৰিয়েই তেওঁৰ হেলিকপ্টাৰত তালাচী চলোৱা হৈছে।
https://x.com/RShivshankar/status/1856379719706653097
উল্লেখ্য যে, সোমবাৰে আৰু মঙ্গলবাৰে দুটা দিনত উদ্ধৱ ঠাকৰেৰ বেগত তালাচী চলোৱা হৈছিল। ইয়াকে লৈ ৰাজ্যখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
উদ্ধৱ ঠাকেৰেয়ে তেওঁৰ বেগত তালাচী চলোৱাক লৈ প্ৰশ্ন কৰি কয়, ইয়াৰ পাছত এইদৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু শাসকীয় শিবিৰৰ জ্যেষ্ঠ নেতাৰ বেগতো পৰীক্ষা কৰিবনে নিৰ্বাচন আয়োগে? অৱশ্যে নিৰ্বাচন আয়োগৰ এনে কাৰ্যত তেওঁ সন্তুষ্ট বুলিও কয়।
তেওঁ কয়, মই এই ঘটনাত বিব্ৰত হোৱা নাই। কেৱল এইটোৱেই বিচাৰো নিৰ্বাচন আয়োগে তেওঁলোকৰ দায়িত্ব সঠিকভাৱে পালন কৰক। আমি আমাৰ দায়িত্ব পালন কৰিম।
নিৰ্বাচন আয়োগে এই প্ৰসংগত স্পষ্টিকৰণ প্ৰকাশ কৰি কয়, নিৰ্বাচনী আচৰণ বিধি অনুসৰণ কৰিয়েই এই তালাচী চলোৱা হৈছে। ভোটাৰক প্ৰলোভিত কৰিবলৈ নগদ ধন আৰু অন্যান্য উপহাৰ লৈ প্ৰচাৰলৈ আহে বহু নেতা। এই সমূহত বাধা প্ৰদান কৰিবলৈয়ে নিৰ্বাচন আয়োগে তালাচী চলাইছে।
উদ্ধৱ ঠাকৰেৰ বেগত তালাচী চলোৱা বিষয়টোৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে নীতিন গাডকাৰীৰ হেলিকপ্টাৰত তালাচী চলোৱা বিষয়টোৱে এতিয়া এই বিতৰ্কৰ অৱসান ঘটাব বুলিও দাবী কৰিছে একাংশই।