উত্তৰ ভাৰতত বানৰ তাণ্ডৱঃ ১৯ জনৰ মৃত্যু...

উত্তৰ ভাৰতত বানৰ তাণ্ডৱঃ ১৯ জনৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
উত্তৰ ভাৰতত বানৰ তাণ্ডৱঃ ১৯ জনৰ মৃত্যু...

উত্তৰ ভাৰতত বানৰ তাণ্ডৱঃ ১৯ জনৰ মৃত্যু...

ডিজিটেল ডেস্কঃ দেওবাৰৰ পৰা উত্তৰ ভাৰতৰ বিভিন্ন স্থানত মুখলধাৰ বৰষুণ অব্যাহত আছে। ফলত কেইবাখনো ৰাজ্যৰ ভিন্নস্থানত ভূমিস্খলনকে ধৰি বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈছে। 

ফলত কেইবাজনো লোকৰ মৃত্যু হৈছে। দিল্লীত যমুনাকে ধৰি দেশৰ উত্তৰ অঞ্চলৰ বহু নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগতে বহু কেইখন চহৰ বানপানীৰ কৱলত পৰিছে। উত্তৰ ভাৰতৰ ৰাজ্যসমূহ বহু কেইটা মূল পথ পানীৰ তলত ডুব গৈছে।

হঠাৎ অহা এই বানপানীৰ ফলত পাহাৰীয়া অঞ্চলৰ বহু পথ খহি পৰিছে। হিমাচল প্ৰদেশত প্ৰচণ্ড বৰষুণৰ ফলত নদীসমূহে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে। ফলত বহু ঠাইত পাহাৰীয়া নদীয়ে পথ খহাই নিয়াৰ লগতে দলঙো ভাঙিছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে আগন্তুক ২ দিনলৈ হিমাচল প্ৰদেশৰ উপৰিও জম্মু-কাশ্মীৰ, উত্তৰাখণ্ডত প্ৰৱল বৃষ্টিপাত অব্যাহত থাকিব। ইয়াৰোপৰি পঞ্জাৱ, হাৰিয়াণা, উত্তৰ প্ৰদেশ, পূৱ ৰাজস্থানতো প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

এই ৰাজ্য কেইখনত এলাৰ্ট জাৰি কৰা হৈছে। এনে প্ৰেক্ষাপটত হিমাচলত প্ৰশাসনে ৰাজ্যবাসীক ঘৰতেই থকাৰ পৰামৰ্শ আগবঢ়াইছে। যিকোনো ধৰণৰ জৰুৰীকালীন অৱস্থাৰ বাবে ১১০০,১০৭০,১০৭৭ এই হেল্প লাইন নম্বৰো মুকলি কৰিছে।

দিল্লীৰো পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এখন জৰুৰী বৈঠক আহ্বান কৰিছে। এই বৈঠকত যমুনা নদীৰ পানী বৃদ্ধিৰ বিষয়ে আলোচনা কৰা হ’ব। এই বৈঠকত প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ শীৰ্ষ বিষয়া আৰু এম চি ডিৰ বিষয়াও উপস্থিত থাকিব।

এই পৰ্যন্ত উত্তৰ ভাৰতত ১৯ জনকৈ লোক বানৰ কৱলত পৰি মত্যুবৰণ কৰিছে। সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড। হিমাচলৰ কুল্লু, মনালীকে ধৰি বিভিন্ন স্থানত ব্যাপক হাৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।

চণ্ডিগড়-মনালী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ এই বানৰ কৱলত পৰি খহি গৈছে। ৰাজ্যখনত বানপানীৰ ফলত ৭০০ ৰো অধিক পথ বন্ধ হৈ পৰিছে। তিনিটাৰৈ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰিবলগীয়া হৈছে।  আৰম্ভ হৈছে বিদ্যুতৰ সংকত। ১৮০০ তকৈ অধিক ট্ৰান্সফ্ৰমাৰ ক্ষতিগ্ৰস্ত হৈছে। এনে পৰিস্থিতিত বিদ্যালয়সমূহো বন্ধ ঘোষণা কৰা হৈছে।

Also Read: গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মহিলাৰ মৃতদেহ...

দিল্লী হিমাচল প্ৰদেশ বানপানী