ডিজিটেল ডেস্ক : ওড়িষ্যাৰ ৰে'ল দুৰ্ঘটনাৰ সন্দৰ্ভত চি বি আয়ে তিনিগৰাকী ৰে'ল বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। ২ জুনৰ দিনা বালাছোৰত সংঘটিত এই দুৰ্ঘটনাৰ সন্দৰ্ভত চি বি আয়ে গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত ছিনিয়ৰ চেকছন ইঞ্জিনিয়াৰ অৰুণ কুমাৰ মাহাতু, মঃ আমিৰ খান আৰু টেকনিছিয়ান পাপু কুমাৰ আছে।
ভাৰতীয় দণ্ডবিধি ৩০৪ৰ অধীনত তিনিওজনকে গ্ৰেপ্তাৰ কৰিছে চি বি আয়ে। এই অভিযোগত দোষী সাব্যস্ত হ'লে তিনিওৰে যাৱদজীৱন কাৰাদণ্ড হ'ব পাৰে। উল্লেখ্য যে, এই দুৰ্ঘটনাত চি বি আইৰ তদন্তত এই তিনিওজন ৰে'ল বিষয়া কৰ্মচাৰীৰ অৱহেলা কথা পোহৰলৈ আহিছে।
উল্লখ্য যে, এই ৰে'ল দুৰ্ঘটনাত অপৰাধী কাৰ্যকলাপ আৰু ষড়যন্ত্ৰ জড়িত থকাৰ সন্দেহত চি বি আয়ে অনুসন্ধান কৰিছিল। দুৰ্ঘটনাত ২৯২ জন ৰে'ল যাত্ৰীৰ মৃত্যু হোৱাৰ উপৰিও সহস্ৰাধিক ৰে'ল যাত্ৰীৰ আহত হৈছিল।
Also Read: উন্নয়নৰ নামত ধ্বংস হাজাৰ-হাজাৰ শালগছ...