পুনৰ চিকিৎসা কৰ্মীক নিৰ্যাতন চলাই হত্যাঃ এজনক গ্ৰেপ্তাৰ...

নাইনিটালৰ এখন ব্যক্তিগত হাস্পাতলৰ ৩৩ বছৰীয়া নাৰ্ছৰ লগত সংঘটিত জঘণ্য কাণ্ড
পুনৰ চিকিৎসা কৰ্মীক যৌন নিৰ্যাতন চলাই হত্যাঃ এজনক গ্ৰেপ্তাৰ...
পুনৰ চিকিৎসা কৰ্মীক যৌন নিৰ্যাতন চলাই হত্যাঃ এজনক গ্ৰেপ্তাৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশজুৰি কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা চিকিৎসাবিজ্ঞানৰ স্নাতকোত্তৰত অধ্যয়নৰত চিকিৎসক ছাত্ৰীক যৌন নিৰ্যাতনেৰে যি নৃশংস হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া, প্ৰতিবাদ অব্যাহত থকাৰ মাজতে পুনৰ এগৰাকী চিকিৎসা কৰ্মীক যৌন নিৰ্যাতন চলাই হত্যা কৰাৰ আন এক ঘটনা সংঘটিত হৈছে। এইবাৰ এই ঘটনাৰ স্থান উত্তৰাখণ্ডৰ নাইনিটাল।

জানিব পৰা মতে চহৰখনৰ এখন বেছৰকাৰী হাস্পতালত কৰ্মৰত ৩৩ বছৰীয়া এগৰাকী নাৰ্ছক যৌন নিৰ্যাতন চলাই হত্যা কৰা হৈছে। অভিযোগ অনুসৰি হাস্পতালত নিজৰ কৰ্তব্য সম্পন্ন কৰি ঘৰলৈ ঘূৰাৰ সময়তে নাৰ্ছগৰাকীৰ সৈতে সংঘটিত হয় এই জঘণ্য কাণ্ড।

ভুক্তভোগী নাৰ্ছগৰাকী এজনী ১১ বছৰীয়া কন্যাৰো মাতৃ। যোৱা ৩০ জুলাইৰ পৰাই সন্ধানহীন হৈ আছিল এই নাৰ্ছগৰাকী।৩১ জুলাইত তেওঁৰ নিৰুদ্দেশ সন্দৰ্ভত ৰুদ্ৰপুৰ আৰক্ষী থানাত গোচৰ তৰিছিল পৰিয়ালে।

তাৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰিছিল উদ্ধাৰ অভিযান। আৰক্ষীৰ এই অভিযানৰ মাজতে এটা সপ্তাহৰো অধিক সময়ৰ মূৰত আৰক্ষীয়ে এটা মুক্ত স্থানত উদ্ধাৰ কৰে নিৰুদ্দিষ্ট নাৰ্ছগৰাকীৰ মৃতদেহ।

অভিযোগ অনুসৰি এই নাৰ্ছগৰাকীক প্ৰথমে যৌন নিৰ্যাতন চলাই পৰৱৰ্তী সময়ত হত্যা কৰা হয়। হত্যাকাৰীয়ে নাৰ্ছগৰাকীৰ লগত থকা সকলো ধন, তেওঁ পৰিধান কৰি থকা অলংকাৰ, মোবাইল ফোন লৈ যায়।

মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধানত অভিযান দ্ৰুত গতিত অব্যাহত ৰাখি এজন ব্যক্তিক প্ৰথমে আটক কৰি পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি প্ৰথমে অঞ্চলটোৰ বিভিন্নস্থানত সংযোজিত হৈ থকা চিচিটিভি ফুটেজসমূহ পৰীক্ষা কৰে।

মহিলাগৰাকীক শেষ মুহূ্ৰ্তত কোন কোন স্থানত প্ৰত্যক্ষ কৰিছিল সেই বিষয়েও আৰক্ষীয়ে তদন্ত চলায়। তাৰোপৰি নাৰ্ছগৰাকীৰ মোবাইলটোৰ সন্ধানতো নামি পৰে আৰক্ষী। এই মোবাইলটোৰ লোকেচন আৰক্ষীয়ে ৰাজস্থানৰ জোধপুৰত লাভ কৰে।

সেই অনুসৰিয়েই অভিযান চলাই আৰক্ষীয়ে জোধপুৰৰ পৰা এজন ব্যক্তিক আটক কৰে। ধৃত এই ব্যক্তিগৰাকীয়ে শ্ৰমিক হিচাপে কাম কৰে। আৰক্ষীৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি ধৃত শ্ৰমিকজনে তেওঁৰ অপৰাধ স্বীকাৰ কৰিছে।

ধৃত শ্ৰমিকজনে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে প্ৰথমে নাৰ্ছগৰাকীক ডকাইত কৰাৰ উদ্দেশ্যৰে আক্ৰমণ কৰিছিল যদিও পিছত ধৰ্ষণ কৰি হত্যা কৰে। এই হত্যাকাণ্ড সংঘটিত কৰিয়েই তেওঁ সেই স্থানৰ পৰা পলায়ন কৰে।

পুনৰ চিকিৎসা কৰ্মীক যৌন নিৰ্যাতন চলাই হত্যাঃ এজনক গ্ৰেপ্তাৰ...
দেশজুৰি চিকিৎসকৰ ধৰ্মঘট কাৰ্যসূচী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in