One Nation, One Election: দেশত একে সময়তে হ'ব লোকসভা, বিধানসভাৰ নিৰ্বাচন!

কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনালে এই সংক্ৰান্তিয় প্ৰতিবেদনত, শীতকালীন অধিবেশনত উত্থাপন হ'ব বিল
One Nation, One Election: দেশত একে সময়তে হ'ব লোকসভা, বিধানসভাৰ নিৰ্বাচন!
One Nation, One Election: দেশত একে সময়তে হ'ব লোকসভা, বিধানসভাৰ নিৰ্বাচন!
Published on
Updated on

ডিজিটেল ডেস্কঃ শীঘ্ৰেই সমগ্ৰ দেশতে কাৰ্যকৰী হ'ব 'এক দেশ, এক নিৰ্বাচন' (One Nation, One Election) ব্যৱস্থা। বুধবাৰে কেন্দ্ৰীয় কেবিনেটে 'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থা কাৰ্যকৰী কৰাৰ লক্ষ্যৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ কমিটীৰ প্ৰতিবেদনত অনুমোদন জনাইছে। জানিব পৰা মতে অহা শীতকালীন অধিবেশনত উত্থাপন কৰিব এই সংক্ৰান্তিয় বিল।

উল্লেখ্য যে, 'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (Former President Ramnath Kovind) ৰ নেতৃত্ব এখন কমিটী গঠন কৰিছিল কেন্দ্ৰীয় চৰকাৰে। এই কমিটীয়ে 'এক দেশ, এক নিৰ্বাচন, ব্যৱস্থাৰ পক্ষত এই প্ৰতিবেদন দাখিল কৰিছে।

আজি ৰামনাথ কোবিন্দ নেতৃত্বাধীন এই কমিটীৰ প্ৰতিবেদনত অনুমোদন দিলে নৰেন্দ্ৰ মোডী (Narendra Modi) ৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে। ইয়াৰ পাছত এতিয়া এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ পৰৱৰ্তী সংসদৰ শীতকালীন অধিবেশনত এই সংক্ৰান্তিয় বিল উত্থাপন কৰিবলৈ প্ৰস্তুতি চলাব কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ্য যে, স্বাধীনতা দিৱসৰ কাৰ্যসূচীত দেশবাসীক সম্বোধন কৰাৰ সময়তো প্ৰধানমন্ত্ৰী মোডীয়ে 'এক দেশ, এক নিৰ্বাচন'ৰ কথা উল্লেখ কৰিছিল। বিজেপিয়ে পূৰ্বৰে পৰা এই ব্যৱস্থাৰ পোষকতা কৰি আহিছে।

এই ব্যৱস্থাৰ যুক্তিত নৰেন্দ্ৰ মোডীয়ে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কৈছিল- ঘনে ঘনে নিৰ্বাচন অনুষ্ঠিত হ'লে দেশৰ উন্নয়নত বাধাৰ সৃষ্টি হয়। তেওঁৰ দাবী সমগ্ৰ দেশে 'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থাক সমৰ্থন জনাব। এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ সেই মঞ্চৰ পৰাই সকলো ৰাজনৈতিক দলকে এই ব্যৱস্থালৈ সমৰ্থন জনাবলৈ আহ্বান জনাইছিল।

এই ব্যৱস্থা কাৰ্যকৰী হ'লে সমগ্ৰ দেশতে একসময়তে লোকসভা আৰু বিধানসভা নিৰ্বাচন (Lok Sabha and Assembly Election) অনুষ্ঠিত হ'ব।এই ব্যৱস্থা কাৰ্যকৰী হ'লে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যি বিপুল পৰিমাণৰ ধন ব্যয় হয় সেই ধন আন উন্নয়নমূলক কামত ব্যৱহাৰ কৰিব পৰা যাব বুলিও যুক্তি শাসকীয় দলৰ।

কিন্তু শাসকীয় দলৰ এনে যুক্তিৰ বিপৰীতে বিৰোধী ৰাজনৈতিক দলসমূহে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। গতিকে সংসদত যে, সহজে এই সংক্ৰান্তিয় বিল পাছ কৰিব পাৰিব তাত সন্দেহ আছে।

বিৰোধীৰ অভিযোগ এনে ব্যৱস্থাৰে শাসকীয় দলে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৰে এক ব্যৱস্থা দেশত গঢ় দিবলৈ বিচাৰিছে। এয়া যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু সংসদীয় গণতন্ত্ৰৰ পৰিপন্থী।

কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, চি পি এমসহ বিজেপি বিৰোধী দলসমূহে এনে যুক্তিৰেই এই ব্যৱস্থাৰ বিৰোধিতা কৰি আহিছে। তেওঁলোকৰ দাবী এনে ব্যৱস্থা কাৰ্যকৰী হ'লে লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ ফলাফলত যি বৈচিত্ৰতা দেখা পোৱা যায় সেয়া সম্পূৰ্ণৰূপে বিলুপ্তি ঘটিব।

ইয়াৰ সুযোগ গ্ৰহণ কৰিব বিজেপিৰ দৰে অৰ্থনৈতিকভাৱে যথেষ্ট শক্তিশালী ৰাজনৈতিক দলে। তেওঁলোকে প্ৰচাৰত যিদৰে ধন ব্যয় কৰিব সেইদৰে বিৰোধী ৰাজনৈতিক দলসমূহে, ক্ষুদ্ৰ আঞ্চলিক ৰাজনৈতিক দলসমূহে ব্যয় কৰিবও নোৱাৰিব, প্ৰচাৰো চলাব নোৱাৰিব। ফলত প্ৰত্যক্ষভাৱে বিজেপিৰ দৰে দলেই লাভাম্বিত হ’ব।

One Nation, One Election: দেশত একে সময়তে হ'ব লোকসভা, বিধানসভাৰ নিৰ্বাচন!
দিগেন মহন্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in