ডিজিটেল ডেস্কঃ পিয়াজৰ দাম বৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক। বিভিন্ন ঠাইত পিয়াজৰ প্ৰতিকিলো মূল্য ৮০-৯০ টকা হৈছে। ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিছে পিয়াজৰ দামৰ ক্ষেত্ৰত।
কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰাৰ পাছত পিয়াজৰ দাম প্ৰায় ২৫ শতাংশ হ্ৰাস পাইছে। বুধবাৰ দিল্লীৰ ওখলা মাণ্ডিত পিঁয়াজৰ খুচুৰা মূল্য প্ৰায় ২৫ শতাংশ হ্ৰাস পাইছে। যাৰ বাবে প্ৰতি কিলোগ্ৰামত ৫৬ ৰ পৰা ৬০ টকা হৈছে পিয়াজৰ মূল্য।
মহাৰাষ্ট্ৰৰ বজাৰতৌ পিয়াজৰ মূল্য হ্ৰাস হৈছে। অৱশ্যে ৰাজস্থান আৰু মধ্য প্ৰদেশৰ দৰে দেশৰ বহুতো ৰাজ্যত পিয়াজৰ মূল্য এতিয়াও হ্ৰাস হোৱা নাই।
কিন্তু এতিয়ালৈকে অসমত কমা নাই পিয়াজৰ মূল্য। গুৱাহাটীৰ প্ৰায় প্ৰতিখন বজাৰতে বেলেগ বেলেগ মূল্যত বিক্ৰী হৈছে পিয়াজ। গুৱাহাটীৰ বজাৰত ৮০ ৰ পৰা ৯০ টকা পৰ্যন্ত বিক্ৰী হৈছে পিয়াজ।
অৱশ্যে গুৱাহাটীবাসীক সকাহ দিয়াৰ লক্ষ্যৰে চৰকাৰে লৈছে বিশেষ ব্যৱস্থা।ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন অফ ইণ্ডিয়া লিমিটেড (নাফেড)য়ে ৰাজসাহায্যপ্ৰাপ্ত হাৰত পিয়াজ বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে।
ইয়াৰ উপৰিও খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা (এফপিডি এণ্ড চিএ)ৰ বিষয়াসকলে বিভিন্ন পাইকাৰী আৰু খুচুৰা বজাৰত পিয়াজৰ মূল্য নিৰীক্ষণ কৰি আছে।
জাননী অনুসৰি, এফপিডি এণ্ড চিএৰ উপ-সঞ্চালকে এনএএফইডিৰ শাখা প্ৰৱন্ধকক চহৰখনৰ ১২ টা বিতৰণ কেন্দ্ৰত প্ৰতি দিনে পুৱা (ৰাতিপুৱা ৮ বজাৰ পৰা ১০ বজালৈ) আৰু সন্ধিয়া (আবেলি ৪ বজাত) চৰকাৰী নিৰ্ধাৰিত মূল্যত পিয়াজ বিক্ৰী কৰাৰ নিৰ্দেশ দিছে। ৩১ অক্টোবৰৰ পৰা আৰম্ভ হৈছে পিয়াজ বিক্ৰীৰ এই ব্যৱস্থা।
ঠাই সমূহ হ'ল- ছয় মাইল(আইডিবিআই বেংকৰ সমীপত), বশিষ্ঠ বজাৰ, বেলতলা বজাৰ, গনেশগুৰি(পেট্ৰল পাম্প আৰু ফ্লাইঅভাৰৰ মাজত), দিছপুৰ লাষ্টগেট(জিএমচি অফিচৰ সমীপত), উলুবাৰী বজাৰ, উজান বজাৰ, চান্দমাৰী বজাৰ, পাণ্ডু বজাৰ, মালিগাঁও বজাৰ(আৰক্ষী থানাৰ সমীপত), নুনমাটী বজাৰ আৰু হেঙেৰাবাৰী (পিএইচইৰ সমীপত)।
Also Read: APSC ৰ কেলেংকাৰীৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ সময় ন'হল ৰাজ্য চৰকাৰৰ !