বিহাৰত ভিৰ কৰিছে বিৰোধী ৰাজনৈতিক নেতাইঃ কি হ'ব ২০২৪ ৰ ৰণনীতি ?

বিহাৰত ভিৰ কৰিছে বিৰোধী ৰাজনৈতিক নেতাইঃ কি হ'ব ২০২৪ ৰ ৰণনীতি ?
বিহাৰত ভিৰ কৰিছে বিৰোধী ৰাজনৈতিক নেতাইঃ কি হ'ব ২০২৪ ৰ ৰণনীতি ?
Published on
Updated on

ডিজিটেল ডেস্কঃ বিহাৰৰ পাটনাত আজি অনুষ্ঠিত হ'ব বিৰোধী ৰাজনৈতিক দলবোৰৰ এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ পাটনাত ভিৰ কৰিছেহি দেশৰ প্ৰায় সংখ্যক বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্ব।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা এই বৈঠকত অংশগ্ৰহণৰ বাবে আম আদমী পাৰ্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান পাটনাত গৈ উপস্থিত হৈছেগৈ। পি ডি পিৰ মুৰববী মেহবুবা মুফটি আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও গৈ উপস্থিত হৈছে পাটনাত।

পাটনাত উপস্থিত আছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন। এই সকলো নেতাৰ সৈতে ইতিমধ্যে নীতিশ কুমৰাৰ সাক্ষাৎ হৈছে। এই বৈঠকত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সমাজবাদী পাৰ্টীৰ নেতা অখিলেখ সিং যাদৱ, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনো উপস্থিত থাকিব।

বৈঠকত মূলতঃ ২০২৪ ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি আলোচনা কৰা হ'ব। আলোচনাৰ জৰিয়তে বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত ঐক্য মত প্ৰতিষ্ঠাৰ চেষ্টা চলাব। ইফালে পাটনাত উপস্থিত হোৱাৰ পাছতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আৰ জে ডিৰ নেতা লালু প্ৰসাদ যাদৱ এতিয়াও শক্তিশালী হৈ আছে।

বৃহস্পতিবাৰে নিশাই পাটনাত উপস্থিত হোৱা মমতা বেনাৰ্জীয়ে প্ৰথমেই উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ বাসগৃহত গৈ উপস্থিত হয় আৰু তাতেই তেওঁ লালু প্ৰসাদ যাদৱৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ গ্ৰহণ কৰে। উল্লেখ্য যে, বিগত বৰ্ষত বিজেপিৰ সংগ ত্যাগ কৰা নীতিশ কুমাৰে বিজেপিৰ বিৰুদ্ধে সকলো বিৰোধী দলক একত্ৰিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

প্ৰকাশিত খবৰ অনুসৰি বিৰোধী ৰাজনৈতিক দলসমূহে প্ৰথমে এতিয়া তেওঁলোকৰ এজন নেতা নিৰ্বাচন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। পাটনাত আজি অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত মুঠ ৬ গৰাকী মুখ্যমন্ত্ৰী আৰু ১৫ টা দলৰ নেতা উপস্থিত থাকিব। তাৰ মাজত আছে শিৱসেনাৰ উদ্ধৱ থাকৰে, এন চি পিৰ অধ্যক্ষ শাৰদ পাৱৰো

বিহাৰত ভিৰ কৰিছে বিৰোধী ৰাজনৈতিক নেতাইঃ কি হ'ব ২০২৪ ৰ ৰণনীতি ?
ওৰে নিশা উজাগৰে পাৰ কৰিলে কামপুৰৰ ৰাইজে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in