ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা ডিজিটেল লাইফ চাৰ্টিফিকেট অভিযানৰ প্ৰথম দিনটোতে দেশৰ ১.৮ লাখতকৈয়ো অধিক পেঞ্চনাৰে প্ৰথম দিনাই তেওঁলোকৰ ডিজিটেল লাইফ চাৰ্টিফিকেট গ্ৰহণ কৰিছে। শুকুৰবাৰে পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে তৃতীয় বাৰৰ বাবে সমগ্ৰ দেশজুৰি ডিজিটেল জীৱন প্ৰমাণপত্ৰ (ডি এল চি) অভিযান আৰম্ভ কৰিছে।
১ নৱেম্বৰৰ পৰা এই অভিযান অহা ৩০ নৱেম্বৰলৈ এমাহ ধৰি চলিব। এই অভিযান দেশৰ মুঠ ৮০০ খন চহৰ আৰু জিলাত অনুষ্ঠিত হ'ব।
কৰ্মচাৰী মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰা এক বিবৃতিত একে দিনাই ১.৮ লাখতকৈ অধিক পেঞ্চনাৰে ডি এল চি গ্ৰহণ কৰাৰ সন্দৰ্ভত কয়, এয়া হৈছে এতিয়ালৈকে আৰম্ভ কৰা আটাইতকৈ ডাঙৰ ডি এল চি অভিযান।
তেওঁলোকে জনোৱা মতে শুকুৰবাৰে সন্ধিয়ালৈকে মুঠ ১.৮১ লাখ পেঞ্চনাৰে ডি এল চি গ্ৰহণ কৰিছে। এই অভিযানৰ গুৰুত্ব হৈছে মুখ-প্ৰমাণীকৰণ প্ৰযুক্তিৰ প্ৰচাৰ। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণে (ইউ আই ডি এ আই) এই অভিযানৰ প্ৰচাৰৰ সময়ত সকলোধৰণৰ কাৰিকৰী সমৰ্থন আগবঢ়াব।
বিবৃতিটোত পুনৰ কোৱা হৈছে যে, "বৃদ্ধ পেঞ্চনাৰসকলৰ বাবে মুখপ্ৰমাণীকৰণ অধিক সুবিধাজনক কৰা হৈছে। তেওঁলোকে ইয়াক এণ্ড্ৰইডৰ লগতে আই অ' এছত ব্যৱহাৰ কৰিব পাৰি।
দেশৰ দূৰৱৰ্তী কোণৰো সকলো পেঞ্চনাৰৰ কাষ চাপি যোৱাৰ লক্ষ্যৰে পেঞ্চন বিতৰণকাৰী বেংক, ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক, পেঞ্চনাৰ কল্যাণ সংস্থা, প্ৰতিৰক্ষা একাউণ্ট নিয়ন্ত্ৰক, দূৰসংযোগ বিভাগ (ডি অ' টি), ৰে'লৱে, ইউ আই ডি এ আই আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সহযোগত এই অভিযান অনুষ্ঠিত কৰা হৈছে।